ভাওনাত মহিলাৰ ভাও লোৱা শিল্পীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ! ডেকা সত্ৰাধিকাৰক গ্ৰেপ্তাৰ

ভাওনাত মহিলাৰ চৰিত্ৰত অভিনয় কৰা এগৰাকী পুৰুষ শিল্পীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এগৰাকী ডেকা সত্ৰাধিকাৰ। শিৱসাগৰত বুধবাৰে নিশা আৰক্ষীয়ে এই অভিযোগত গ্ৰেপ্তাৰ কৰে শ্ৰীশ্ৰী শালগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ কীৰ্তিকমল দেৱ গোস্বামীক।

ভুক্তভোগী ১৯ বছৰীয়া যুৱকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত প্ৰায় সাত ঘণ্টা ধৰি জেৰা চলোৱাৰ পিছত এই গ্ৰেপ্তাৰ কাৰ্য সম্পন্ন কৰে শিৱসাগৰ আৰক্ষীয়ে। সত্ৰাধিকাৰ শচীন্দ্ৰদেৱ গোস্বামীৰ পুত্ৰ কীৰ্তিকমল দেৱ গোস্বামীৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে।

এজাহাৰত ভুক্তভোগীজনে অভিযোগ কৰা অনুসৰি, তেওঁৰ বয়স ১৫ বছৰ হোৱাৰ পৰাই অভিযুক্তই একাধিকবাৰ যৌন নিৰ্যাতন, শাৰীৰিক নিৰ্যাতন আৰু মানসিক অত্যাচাৰ চলাই আহিছিল। ভাওনাত মহিলাৰ চৰিত্ৰত অভিনয় কৰা তেওঁক ঘটনাৰ বিষয়ে কাৰো আগত মুখ নুখুলিবলৈ ভয়-ভাবুকিও প্ৰদৰ্শন কৰিছিল অভিযুক্তই।

অভিযোগ অনুসৰি, ভুক্তভোগীজনৰ কেইবাটাও ভিডিঅ’ মোবাইল ফোনত ৰেকৰ্ড কৰি ৰাখিছিল কীৰ্তিকমল দেৱ গোস্বামীয়ে। সেই ভিডিঅ’সমূহৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰি ঘটনাবোৰ গোপন কৰি ৰাখিবলৈ বাধ্য কৰিছিল বুলিও অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীজনে।

আৰক্ষীয়ে জনোৱা মতে, ১৩০/২০২৬ নম্বৰৰ গোচৰ ৰুজু কৰি শিশু যৌন অপৰাধৰ পৰা সুৰক্ষা আইন (পকছ’) আৰু ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট ধাৰাৰ লগতে ৩৭৭ ধাৰাও সংযোজন কৰা হৈছে। সম্প্ৰতি ঘটনাটোৰ সকলো দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *