ক’ল্ডষ্টাৰ লজিষ্টিকছে কামৰূপত এটা ২০,০০০ বৰ্গফুটৰ বহু-তাপমাত্ৰাযুক্ত ৱেৰহাউচ(ভঁৰাল) মুকলি কৰি উত্তৰ-পূৰ্বাঞ্চলত নিজৰ প্ৰৱেশ ঘটালে। ইয়াৰ জৰিয়তে কোম্পানীটোৱে দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা দ্বিতীয় শ্ৰেণীৰ বজাৰসমূহত নিজৰ স্থিতি শক্তিশালী কৰি তুলিছে। এই নতুন বিতৰণ কেন্দ্ৰটোৱে অসমৰ এফএমচিজি, দুগ্ধজাত সামগ্ৰী, কনফেকচনেৰী, সংসাধিত খাদ্য, স্বাস্থ্যসেৱা আৰু খুচুৰা খণ্ডৰ ব্যৱসায়সমূহক সেৱা আগবঢ়াব। ইয়াৰ উপৰিও ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰকে ধৰি সমগ্ৰ উঃ-পূৰ্বাঞ্চলৰ বাবে এক লজিষ্টিক হাব হিচাপে কাম কৰিব। কোম্পানীটোৱে জনোৱা মতে, এই কেন্দ্ৰটো চাৰিটা তাপমাত্ৰা-নিয়ন্ত্ৰিত জ’নৰ সৈতে প্ৰস্তুত কৰা হৈছে— এম্বিয়েণ্ট, ট্ৰপিকেল (+১৫° চেলচিয়াছৰ পৰা +২৫° চেলচিয়াছ), চিলাৰ (+২° চেলচিয়াছৰ পৰা +৮° চেলচিয়াছ) আৰু ফ্ৰ’জেন তাপমাত্ৰা (-২০° চেলচিয়াছ)। ইয়াৰ ফলত তাপমাত্ৰা প্ৰতি সংবেদনশীল সামগ্ৰীসমূহ একেখন ছাদৰ তলতে কোনো অসুবিধা নোহোৱাকৈ সংৰক্ষণ আৰু সৰবৰাহ কৰিব পৰা যাব। সামগ্ৰীৰ গুণগত মান অক্ষুণ্ণ ৰাখিবলৈ আৰু ক’ল্ডষ্টাৰৰ সমগ্ৰ যোগান-শৃংখলাত জিৰো ষ্টক-আউট প্ৰতিশ্ৰুতিক সফল কৰিবলৈ এই ৱেৰহাউচটো এআই আৰু মেচিন লাৰ্নিং ভিত্তিক লজিষ্টিক পৰিকল্পনা, প্ৰেডিক্টিভ এনালিটিক্স, আইঅ’টিকেন্দ্ৰিক নিৰীক্ষণ আৰু স্মাৰ্ট ৱেৰহাউচ প্ৰণালীৰে সুসজ্জিত কৰা হৈছে।
কাৰ্যবাহী সঞ্চালক সমীৰ বাৰ্মাই কয় যে গুৱাহাটী মহানগৰীত কোম্পানীটোৰ এই সম্প্ৰসাৰণে উত্তৰ-পূৰ্বাঞ্চলক লৈ থকা দীৰ্ঘম্যাদী পৰিকল্পনাক প্ৰতিফলিত কৰে। দ্বিতীয় শ্ৰেণীৰ চহৰসমূহত সংগঠিত খুচুৰা বজাৰ, কুইক কমাৰ্চ আৰু খাদ্য যোগানকাৰী প্লেটফৰ্মসমূহৰ দ্ৰুত বিকাশে এই ক্ষেত্ৰত গতি প্ৰদান কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে এই কেন্দ্ৰটোৱে সমগ্ৰ অঞ্চলটোত যোগান-শৃংখলাৰ প্ৰৱেশাধিকাৰ শক্তিশালী কৰিব আৰু কোম্পানীটোৰ ক্ৰমবৰ্ধমান ৰাষ্ট্ৰীয় বিতৰণ নেটৱৰ্কক সহায় কৰিব। গুৱাহাটী মহানগৰীত কৰা এই বিনিয়োগে চহৰখনক উত্তৰ-পূব ভাৰতৰ লজিষ্টিক প্ৰৱেশদ্বাৰ হিচাপে নিজৰ স্থিতি অধিক শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত গ্ৰাহকৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে এই উন্নত ক’ল্ড-চেইন আন্তঃগাঁথনিৰ উপলব্ধতাই পচনশীল সামগ্ৰীৰ সৰবৰাহ উন্নত কৰিব, সংগঠিত খুচুৰা ব্যৱসায়ৰ সম্প্ৰসাৰণত সহায় কৰিব, স্বাস্থ্যসেৱা আৰু খাদ্য বিতৰণ ব্যৱস্থা সুদৃঢ় কৰিব। লগতে ই আঞ্চলিক যোগান-শৃংখলাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে নতুন সংস্থাপন বা নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।
টাস্কান ভেঞ্চাৰ্ছৰ সহযোগত ২০১১ চনত প্ৰতিষ্ঠা হোৱা ক’ল্ডষ্টাৰ লজিষ্টিকছে বৰ্তমান দেশজুৰি ৪৫টা বিতৰণ কেন্দ্ৰ পৰিচালনা কৰি আছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে কোম্পানীটোৱে কিউএছআৰ, এফএমচিজি, খাদ্য সংসাধন, খুচুৰা বিক্ৰী, স্বাস্থ্যসেৱা আৰু ই-কমাৰ্চ খণ্ডৰ গ্ৰাহকসকলক তাপমাত্ৰা-নিয়ন্ত্ৰিত যোগান-শৃংখল সেৱা প্ৰদান কৰি আহিছে।
