এটা দশকত ৰাজ্যত ৰুজু মহিলাৰ বিৰুদ্ধে অপৰাধৰ ২.০৪ লাখতকৈ অধিক গোচৰ; বিধানসভাত চৰকাৰৰ পৰিসংখ্যা

এটা দশকত অসমত মহিলাৰ বিৰুদ্ধে ৰুজু হৈছে ২ লাখ ৪ হাজাৰতকৈ অধিক অপৰাধজনিত গোচৰ। সোমবাৰে অসম বিধানসভাত দাখিল কৰা চৰকাৰী পৰিসংখ্যাত পোহৰলৈ আহে এই তথ্য।

কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে উত্থাপন কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে ২০১৬ চনৰ পৰা চলিত বৰ্ষৰ ২৬ জুনলৈকে ৰাজ্যত মহিলাৰ বিৰুদ্ধে মুঠ ২,০৪,১৩৪টা গোচৰ ৰুজু হৈছে।

মুখ্যমন্ত্ৰীয়ে সদনত দাখিল কৰা তথ্য অনুসৰি, এই গোচৰসমূহৰ ভিতৰত আছে ২,৬৭৭টা হত্যাকাণ্ড, ১৪,৪৫৬টা ধৰ্ষণ, ১,৪৬৩টা যৌতুকজনিত নিৰ্যাতন আৰু মহিলাৰ বিৰুদ্ধে সংঘটিত অন্যান্য ধৰণৰ ১,৮৫,৫৩৮টা অপৰাধ।

লিখিত উত্তৰত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে শেহতীয়া বছৰকেইটাত এনে অপৰাধৰ সংখ্যা হ্ৰাস পাইছে। ২০১৬ চনত ২০,৮৬৯টা গোচৰ ৰুজু হৈছিল। ২০১৭ চনত ২৩,০৮৯টা, ২০১৮ চনত ২৭,৬৮৭টা, ২০১৯ চনত ৩০,০২৫টা, ২০২০ চনত ২৬,৩৫২টা আৰু ২০২১ চনত ২৯,০৪৬টা গোচৰ ৰুজু হৈছিল। ইয়াৰ পিছত ২০২২ চনত এই সংখ্যা ১৪,১৪৮লৈ, ২০২৩ চনত ১২,০৭০লৈ, ২০২৪ চনত ১০,৫৪৬লৈ আৰু ২০২৫ চনত ৮,৯৫৮লৈ হ্ৰাস পায়। চলিত বৰ্ষৰ ২৬ জুনলৈকে ১,৩৪৪টা গোচৰ ৰুজু হৈছে।

মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, চলিত বৰ্ষৰ মে’ মাহত বৰ্তমানৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা মহিলাৰ বিৰুদ্ধে অপৰাধৰ শিতানত ৪৬টা হত্যাকাণ্ড আৰু ১১০টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে।

আনহাতে, কংগ্ৰেছৰ বিধায়িকা বেবী বেগমৰ এক প্ৰশ্নৰ লিখিত উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে মহিলাৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। সকলো জিলাত ১০৯১ ট’ল-ফ্ৰী নম্বৰৰ সৈতে মহিলা সহায় কক্ষ স্থাপন, আৰক্ষী থানাৰ সহযোগত সজাগতা অভিযান, বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলত জনসচেতনতা বৃদ্ধি আৰু সকলো আৰক্ষী থানাত মহিলা কোষ গঠন আদি ব্যৱস্থা ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে।

ইফালে, কংগ্ৰেছৰ বিধায়ক ৰকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ লিখিত উত্তৰত মুখ্যমন্ত্ৰীয়ে জনায় যে বাল্যবিবাহবিৰোধী অভিযানৰ ফল ইতিমধ্যে পৰিলক্ষিত হৈছে। ২০১৬ চনত বাল্যবিবাহ সম্পৰ্কীয় ২৩টা গোচৰ ৰুজু হৈছিল যদিও ২০২৩ চনত বিশেষ অভিযানৰ সময়ত এই সংখ্যা ৫,২৬৭লৈ বৃদ্ধি পায়। তাৰ পিছত ২০২৪ চনত ৪৭১টা, ২০২৫ চনত ২৩৯টা আৰু চলিত বৰ্ষৰ ৩১ মে’লৈকে ৫৬টা গোচৰ ৰুজু হৈছে।

ইয়াৰ উপৰি, ২০১৬ চনৰ পৰা চলিত বৰ্ষৰ ৩১ মে’লৈকে অসমৰ বিভিন্ন আৰক্ষী থানাত মুঠ ৯,৬৮,৯৩৮টা গোচৰ ৰুজু হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদনত দাখিল কৰা আন এক লিখিত উত্তৰত উল্লেখ কৰে। ইয়াৰে ৫,২০,৭৮২টা গোচৰত অভিযোগপত্ৰ দাখিল কৰিছে আৰক্ষীয়ে।

আন এক লিখিত উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৬ চনৰ ৩০ জুনলৈকে ৰাজ্যত মুঠ ৩,৭৮,৪৮৩টা অপৰাধজনিত গোচৰ ৰুজু হৈছে। এই সময়ছোৱাত ৫৪,৪৯৪টা চুৰি, ৫২৬টা ডকাইতি, ৫,৪৫৫টা হত্যাকাণ্ড, ৪৮২টা সংঘবদ্ধ আক্ৰমণ, ১৫,৬৫৬টা প্ৰৱঞ্চনা আৰু জালিয়াতি আৰু অন্যান্য শিতানৰ ৩,০১,৮৭০টা অপৰাধ সংঘটিত হয়।

মুখ্যমন্ত্ৰীয়ে সদনত জনোৱা মতে, এই গোচৰসমূহত ৪,২৬,৫০২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আইনগত প্ৰক্ৰিয়াৰ জৰিয়তে ২৯,১৬৪ জনে শাস্তি লাভ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *