অনুপ্ৰৱেশৰ চেষ্টা নে আন কিবা উদ্দেশ্য? পুঞ্চত ভাৰতীয় সেনাৰ জালত পাকিস্তান অধিকৃত কাশ্মীৰৰ এজন

ভাৰত-পাকিস্তান সীমান্তত অব্যাহত আছে কটকটীয়া নিৰাপত্তা। সেই সময়তে পুনৰ সীমান্ত অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ সময়তে পাক অধিকৃত কাশ্মীৰৰ এজন লোকক আটক কৰে ভাৰতীয় সেনাই। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ বালাকোট ছেক্টৰত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি নতুনকৈ সজাগ হৈ উঠিছে নিৰাপত্তা সংস্থাসমূহ।

নিৰাপত্তা সূত্ৰই জানিবলৈ দিয়া মতে, আটক ব্যক্তিজনৰ নাম ৰায়িছ খান। তেওঁ পাকিস্তান অধিকৃত কাশ্মীৰৰ বাসিন্দা। সীমা নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ কিছু সময়ৰ ভিতৰতে সেনাই তেওঁক আটক কৰে।

আটক ব্যক্তিজনৰ দেহ তালাচী চলাই কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিব পৰা নাই। তথাপিও তেওঁ কিয় সীমান্ত পাৰ হৈ ভাৰতলৈ আহিছিল, সেই পদক্ষেপৰ আঁৰত কোনো বিশেষ উদ্দেশ্য আছিল নেকি আৰু ভাৰতীয় ভূখণ্ডত তেওঁৰ কোনো যোগাযোগ আছিল নেকি, সেই সকলো দিশ সামৰি জেৰা অব্যাহত ৰাখিছে নিৰাপত্তা সংস্থাসমূহে।

প্ৰাথমিক তদন্তত এই সীমান্ত অতিক্ৰমৰ ঘটনা দুৰ্ঘটনাবশত নে পৰিকল্পিতভাৱে সংঘটিত হৈছিল, সেই বিষয়টোও খতিয়ান কৰি চাইছে তদন্তকাৰীসকলে। একে লগে সীমান্তপাৰ নেটৱৰ্ক বা অন্য কোনো সংগঠনৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল নেকি, সেই দিশতো তদন্ত আগবঢ়াই নিয়া হৈছে।

উল্লেখ্য যে, চলিত জুন মাহত সীমা নিয়ন্ত্ৰণ ৰেখাত এইটো তৃতীয় সীমান্ত অতিক্ৰমৰ ঘটনা। ইয়াৰ পূৰ্বে কৃষ্ণাঘাটি ছেক্টৰৰ গুলপুৰ এলেকাৰে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত মহম্মদ ছাজাদ নামৰ ২৬ বছৰীয়া এজন যুৱকক আটক কৰা হৈছিল। ৯ জুনত আন এক ঘটনাত সীমান্ত পাৰ হৈ অহা ১৪ বছৰীয়া জাভিদ আলীকো আটক কৰিছিল নিৰাপত্তা বাহিনীয়ে। পৰৱৰ্তী সময়ত পৰিচয় নিশ্চিত কৰাৰ পিছত তেওঁক পাকিস্তান কৰ্তৃপক্ষৰ হাতত চমজাই দিয়া হয়।

ইফালে, সীমান্তত সতৰ্কতা অধিক কটকটীয়া কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে। দেওবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ সাম্বা জিলাৰ নুন্দপুৰ গাঁৱৰ আকাশত সন্দেহজনক পাকিস্তানী ড্ৰ’ন উৰি ফুৰা দেখা যায়। কিছু সময়ৰ পাছতে ড্ৰ’নটো অন্তৰ্ধান হয়।

এই ঘটনাৰ পিছতে বিএছএফ, ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে বিস্তৃত তালাচী অভিযান চলায়। ড্ৰ’নৰ জৰিয়তে অস্ত্ৰ, বিস্ফোৰক অথবা নিচাজাতীয় সামগ্ৰী পেলোৱা হৈছিল নেকি, সেই সম্ভাৱনা লক্ষ্য কৰি অভিযান চলোৱা হয়। অৱশ্যে তালাচীৰ সময়ত কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই।

একেৰাহে সীমান্ত অতিক্ৰমৰ চেষ্টা আৰু ড্ৰ’ন অনুপ্ৰৱেশৰ ঘটনাই ভাৰত-পাকিস্তান সীমান্তত পুনৰ সুৰক্ষা ব্যৱস্থাক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সীমা নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তজুৰি নজৰদাৰি অধিক জোৰদাৰ কৰিছে নিৰাপত্তা সংস্থাসমূহে।

ইফালে, কূটনৈতিক ক্ষেত্ৰতো দুয়োখন দেশৰ উত্তেজনা অব্যাহত আছে। কৰাচীত পাকিস্তান ৰেঞ্জাৰ্ছৰ মুখ্য কাৰ্যালয়ত শেহতীয়াকৈ সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে ভাৰত জড়িত বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ দেওবাৰে সম্পূৰ্ণ ভিত্তিহীন বুলি খাৰিজ কৰে নতুন দিল্লীয়ে। নিজৰ ভূখণ্ডত সক্ৰিয় সন্ত্ৰাসবাদী আন্তঃগাঁথনি উৎখাত কৰাত গুৰুত্ব দিবলৈও পাকিস্তানক আহ্বান জনায় ভাৰতে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *