প্ৰথমটো বানৰ প্ৰভাৱত ৰাজ্য ৷ দিল্লীৰ পৰা ফোনযোগে বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ সাম্ভাৱ্য সকলো সহায়ৰ আশ্বাস ৷মুখ্যমন্ত্ৰী শৰ্মাই এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি এই বিষয়ে অৱগত কৰে । পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ্বাসনৰ ব্যৱস্থাৰ বিষয়ে তেওঁ গৃহমন্ত্ৰী শ্বাহক অৱগত কৰে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই বিষয়ত কেন্দ্ৰৰ পৰা সম্ভাব্য সকলো সহায় আৰু সমৰ্থনৰ আশ্বাস দিয়া বুলি অৱগত কৰে ।ৰাজ্যখনৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ প্ৰথমটো বানে ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে । অসমৰ ধেমাজি জিলাৰ চিমেন নদীৰ ওপৰত থকা এখন ৰেল দলং আংশিকভাৱে ভাঙি পৰা বুলি দেওবাৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ এগৰাকী বিষয়াই প্ৰকাশ কৰে ।
ধাৰাসাৰ বৰষুণ আৰু গৰাখহনীয়াৰ ফলত ভাঙি পৰে দলংখনৰ এটা অংশ । উত্তৰ-পূব সীমান্ত ৰে’লৱে চিপিআৰঅ’ৰ আনুষ্ঠানিক বিবৃতি অনুসৰি, অসমৰ ধেমাজি জিলা আৰু ইয়াৰ আশে-পাশে ১১০ মিলিমিটাৰতকৈ অধিক বৰষুণ আৰু তাৰ পাছত বান আৰু খহনীয়াই ৰে’ল দলংখনক প্ৰভাৱিত কৰাৰ বাবে আৰ্চিপথাৰ আৰু চিমেন চাপৰি ষ্টেচনৰ মাজৰ অংশটোত ৰে’ল চলাচল স্থগিত ৰখা হৈছে ।
