দক্ষিণ গুৱাহাটী লাচিতগড় হাইস্কুলত সম্প্ৰীতি ভোজন

অসম চৰকাৰৰ শিক্ষা বিভাগৰ এক শেহতীয়া নিৰ্দেশনা অনুসৰি গড়চুকস্থিত দক্ষিণ গুৱাহাটী লাচিতগড় হাইস্কুলত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী – ছাত্ৰীৰ উদ্যোগত  “সম্প্ৰীতি ভোজন” শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত হাইস্কুলত অধ্যয়নৰত প্ৰায় ৩০০ জন ছাত্ৰ – ছাত্ৰী উপস্থিত থাকে। আনহাতে কাৰ্যসূচীত আগভাগ লৈছিল বলেশ্বৰ ৰংপী, দীপক ৰাজবংশী , ৰেজ্জাক আলী, সঞ্জিত টেৰণ, গোলক ৰাজবংশী , শংকৰ দাস, প্ৰাক্তন ছাত্ৰী তথা বিদ্যালয়ৰ শিক্ষয়ত্ৰী সৰলা বড়োকে ধৰি কেবাজনো প্ৰাক্তন ছাত্ৰ – ছাত্ৰীয়ে।

ইয়াৰ উপৰিও বিদ্যালয়ৰ  পৰিচালনা সমিতিৰ সদস্য, প্ৰধান শিক্ষক বিপুল শৰ্মা, সহকাৰী শিক্ষক ভৱেশ শৰ্মা, ৰিতু কুমাৰ শৰ্মাকে ধৰি কেবাজনো শিক্ষক – শিক্ষয়ত্ৰীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি সম্প্ৰীতি ভোজনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত সৌহাৰ্দ্য বৃদ্ধি, সামাজিক  দায়িত্ববোধ, পুষ্টিগত সুৰক্ষা বৃদ্ধি হোৱাৰ লগতে  ই এক ঐতিহ্যবাহী উৎসৱ হিচাপে বিবেচিত হব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি চকীত জুন মাহৰ ভিতৰত শিক্ষকসকলে নিজৰ নিজৰ প্ৰাথমিক বিদ্যালয়ত ‘সম্প্রীতি ভোজন’ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব।  শিক্ষা বিভাগৰ ফালৰ পৰা বিদ্যালয়সমূহলৈ নিৰ্দেশ দিয়া হৈছে যে জুন মাহৰ এটা দিনত ‘সম্প্রীতি ভোজন’ কাৰ্যসূচী অনুষ্ঠিত কৰিব লাগিব।

ইয়াৰ জৰিয়তে ৰাইজৰ স’তে বিদ্যালয়খনৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।কথা কোৱা হৈছে। প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকে সমগ্র বিষয় চোৱা-চিতা কৰিছে। ‘সম্প্রীতি ভোজন’ অনুষ্ঠিত কৰি চি আৰ চি চিৰ হোৱাটছএপ গ্ৰুপত জি পি এছ ফটো আপলোড কৰাটো বাধ্যতামূলক কৰা হৈছে। একাংশ বিদ্যালয়ত এই কাৰ্যসূচী নিয়াৰিকৈ ৰূপায়ণ হৈছে। বিশেষকৈ একাংশ ঠাইৰ স্থানীয় ৰাইজ, শিক্ষাৰ্থীৰ অভিভাৱকে ‘সম্প্রীতি ভোজন’ৰ কাৰ্যসূচীলৈ সহযোগিতা আগবঢ়াইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *