চিমেন, গাই নদীৰ ভয়াৱহ ৰূপ ৷ চিমেন নদীৰ ওপৰত থকা ৰে’লৱে দলঙৰ খুঁটা খহাই নিলে সোঁতে, ৰে’ল সেৱা ব্যাহত ৷হঠাৎ ফেনে ফুটুকাৰে চিমেন নদীৰ জলস্তৰ বৃদ্ধি পোৱাত বালিখুটি, হৰিনাথপুৰ হাজং, হৰিনাথপুৰ বেংগলী, হৰিনাথপুৰ খেৰনীবস্তি, জামালপুৰ, গটপট্টা, ছাগলীকটা, জামালপুৰ আৰু লক্ষিমীপাৰা আদি প্ৰায় ১০ খনৰো অধিক গাঁও বানত বুৰ গৈছে ৷চিমেন নদীৰ ওপৰত থকা ৰে’লৱে দলঙৰ এটা খুঁটা খহাই নিয়াৰ ফলত দলঙখনৰ এটা অংশ ভাগি পৰে ৷ ফলত দেওবাৰে মুৰ্কংচেলেক অভিমুখী বা গুৱাহাটী অভিমুখি সকলোবোৰ ৰে’ল সেৱা বাতিল কৰিবলগীয়া হৈছে ৷ এই কথা জানিবলৈ দিছে ৰে’ল বিভাগৰ কৰ্তৃপক্ষই ৷
চিমেন, গাই নদীৰ ভয়াৱহ ৰূপ
