কাতাৰৰ গেছ প্ৰকল্পত ভয়ংকৰ বিস্ফোৰণ; ভাৰতীয়সহ ১৩ জনৰ মৃত্যু

কাতাৰৰ শক্তি খণ্ডৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত সংঘটিত ভয়ংকৰ বিস্ফোৰণত মৃত্যুক সাৱটে ভাৰতীয়সহ কমেও ১৩ জন লোকে। দেওবাৰে ৰাছ লাফান ইণ্ডাষ্ট্ৰিয়েল চিটীৰ বাৰ্জান স্থানীয় গেছ যোগান কেন্দ্ৰত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডত কমেও ৬৬ জন লোক আহত হয়। সোমবাৰে এই দুৰ্ঘটনাটোৰ বিষয়ে সৱিশেষ তথ্য প্ৰদান কৰে কাতাৰৰ শক্তিমন্ত্ৰী ছাদ বিন শ্ৰেইদা আল-কাবিয়ে।

কাতাৰ এনাৰ্জীৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপেও দায়িত্বত থকা আল-কাবিয়ে কয় যে, বিস্ফোৰণত নিহত লোকসকলৰ ভিতৰত ভাৰত আৰু পাকিস্তানৰ নাগৰিক আছে। অৱশ্যে এই পৰ্যন্ত নিহত ভাৰতীয় লোকৰ সঠিক সংখ্যা প্ৰকাশ কৰা হোৱা নাই।

নিহত আৰু আহত সকলৰ মাজত আছে ভাৰত, কাতাৰ, তাঞ্জানিয়া, পাকিস্তান, গিনি, নেপাল, বাংলাদেশ, কেনিয়া আৰু নাইজেৰিয়াৰ নাগৰিক

কাতাৰৰ সংবাদ মাধ্যমৰ উদ্ধৃতি দি প্ৰকাশ কৰা তথ্য অনুসৰি, আহত লোকসকল ভাৰত, কাতাৰ, তাঞ্জানিয়া, পাকিস্তান, গিনি, নেপাল, বাংলাদেশ, কেনিয়া আৰু নাইজেৰিয়াকে ধৰি কেইবাখনো দেশৰ নাগৰিক।

এই ঘটনাৰ পিছতে দোহাস্থিত ভাৰতীয় দূতাবাসে কাতাৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ কথা প্ৰকাশ কৰে। দূতাবাসে কয় যে ঘটনাত মৃত্যু হোৱা আৰু আহত লোকসকলৰ পৰিয়ালক সকলোধৰণৰ সহায় আগবঢ়োৱা হ’ব।

ভাৰতীয় দূতাবাসে এক বিবৃতিত কয়, “ৰাছ লাফান ইণ্ডাষ্ট্ৰিয়েল চিটীত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো।”

আহত লোকসকলৰ লগতে সন্ধানহীন লোকসকলৰ সুৰক্ষাৰ বাবেও দূতাবাসে আশা প্ৰকাশ কৰে। ঘটনাৰ সন্দৰ্ভত সহায়ৰ বাবে দূতাবাসে হেল্পলাইন নম্বৰো মুকলি কৰিছে।

কাতাৰ এনাৰ্জীৰ তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া বাৰ্জান স্থানীয় গেছ যোগান কেন্দ্ৰত কাৰ্যকলাপ আৰম্ভ কৰাৰ সময়তে বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ ফলত অগ্নিকাণ্ডৰ সৃষ্টি হয়। জৰুৰীকালীন উদ্ধাৰকাৰী দলে তৎকালীনভাৱে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে।

বৰ্তমান ঘটনাটোৰ তদন্ত চলি আছে আৰু বিস্ফোৰণৰ প্ৰকৃত কাৰণ জানিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই অনুসন্ধান অব্যাহত ৰাখিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *