ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ

ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি । ন-নদীৰ বানত এসপ্তাহে সহাৱস্থান কৰি থকাৰ পিছতো জিলা প্ৰশাসনে খবৰ নোলোৱা অভিযোগ বানাক্ৰান্তৰ ৷
প্ৰৱল বৰষুণৰ ফলত এইবাৰ বাৰিষাত জিলাখনৰ গোগামুখ ৰাজহ চক্ৰৰ ক্ৰমে গোগামুখ, ভেবেলী, ওখমাটি, মধ্যমিংমাং, লতাক আদি পঞ্চায়তৰ ২০ খনৰো অধিক গাঁও বানৰ কবলত পৰিছে ৷ দেওবাৰৰ বাঢ়নী পানীয়ে ন ন অঞ্চল প্লাৱিত কৰে ৷ সোমবাৰে দুই এখন গাঁৱত পানী কমিলেও অধিকাংশ গাঁৱত সোম আৰু মঙলবাৰেও কমা নাই পানী ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *