প্ৰাক্তন মন্ত্ৰীৰ ঘৰত চোৰৰ তাণ্ডৱ

বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জনশক্তি জনতা দলৰ (JJD) ৰাষ্ট্ৰীয় অধ্যক্ষ তেজ প্ৰতাপ যাদৱৰ পাটনাৰ চৰকাৰী বাসগৃহত এক ডাঙৰ চুৰিকাণ্ড সংঘটিত হৈছে। আচৰিত কথাটো হ’ল, প্ৰতাপে তেওঁৰ নিজৰ ব্যক্তিগত সহায়ক (PA) মোতিলাল ৰায়ৰ বিৰুদ্ধে এই চুৰিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।এজাহাৰত উল্লেখ কৰা অনুসৰি, ২২ জুনৰ নিশা প্ৰায় ১১:৩০ বজাত তেজ প্ৰতাপৰ ড্ৰাইভাৰ অনিল যাদৱ আৰু তেওঁৰ সৈতে থকা বিশাল নামৰ এজন যুৱকে মোতীলাল ৰায়ক এটা বেগ লৈ চৰকাৰী আৱাসৰ দেৱাল পাৰ হৈ পলাই যোৱা প্ৰত্যক্ষ কৰিছিল। এই দুয়োগৰাকী ব্যক্তিয়েই সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী সাক্ষী।অভিযোগ অনুসৰি, তেওঁৰ বাসগৃহৰ আলমাৰীৰ পৰা তলত দিয়া সামগ্ৰীসমূহ চুৰি হৈছে:
নগদ ২০ লাখ টকা। ২ তোলা সোণৰ চেইন আৰু এটা আঙুঠি । ৪ টা iPhone 17 Pro Max ম’বাইল ফোন। ১ টা MacBook, ১ টা Lenovo লেপটপ আৰু ১ টা iPad। ৪ টা নতুন ড্ৰোন । ২ টা হাৰ্ড ডিস্ক আৰু ৪ টা পেন ড্ৰাইভ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *