৯২ বছৰৰ পিছত ফিফা বিশ্বকাপত জয়ৰে ইতিহাস ৰচিলে ইজিপ্তে

ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ জি-ত  নিউজিলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ইজিপ্তে ৩-১ গ’লত পৰাস্ত কৰে। এই জয়ৰে ইজিপ্তে ৰচিলে ইতিহাস। ফিফা বিশ্বকাপৰ ইতিহাসত ইজিপ্তে প্ৰথমটো জয় লাভ কৰিছে। এই জয় তেওঁলোকে ৯২ বছৰ ২৫ দিনৰ পিছত লাভ কৰিছে। ইজিপ্তৰ জয়ৰ নায়ক আছিল তেওঁলোকৰ তাৰকা খেলুৱৈ মহম্মদ চালাহ। বিজয়ী গ’ল দিয়াৰ উপৰিও ছালাহে বিশ্বকাপৰ দুটা সংস্কৰণত গ’ল দিয়া প্ৰথমজন ইজিপ্তৰ খেলুৱৈ হিচাপে পৰিগণিত হয়। তদুপৰি ৩৪ বছৰ ৯ দিন বয়সত তেওঁ গ’ল দিয়া আটাইতকৈ বয়সীয়াল ইজিপ্তৰ খেলুৱৈ হিচাপে পৰিগণিত হয়। ১৯৯০ চনত নেদাৰলেণ্ডৰ বিৰুদ্ধে ৩০ বছৰ ৩২০ দিন বয়সত গ’ল দিয়া মেগডী আব্দেলঘানীক চেৰ পেলাইছে মহম্মদ চালাহে। খেলখনৰ আৰম্ভণিৰে পৰাই আগ্ৰাসী পন্থা অৱলম্বন কৰি নিউজিলেণ্ডে ১৫ মিনিটত ১-০ গ’লত অগ্ৰগতি লাভ কৰে।

কৰ্ণাৰ কিকৰ পৰা ফিন ছুৰমানে এটা সুন্দৰ হেডাৰ গ’ল দিয়ে। এই গ’লৰ পিছত নিউজিলেণ্ডে হেঁচা বজাই ৰাখিছিল আৰু ইজিপ্তক গোটেই প্ৰথমাৰ্ধত পুনৰ উভতি অহাৰ সুযোগ নিদিলে। বিশ্বকাপৰ এখন খেলত হাফটাইমত ইজিপ্তই প্ৰথমবাৰৰ বাবে পিছ পৰি আছিল। কিন্তু হাফটাইমৰ পিছত দলটোৱে নিজৰ পন্থা সলনি কৰি অধিক আক্ৰমণাত্মক পন্থা গ্ৰহণ কৰে।দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ইজিপ্তই কেইবাটাও সুযোগ সৃষ্টি কৰে। মহম্মদ চালাহ আৰু ইমাম আছৌৰে গ’লৰ চেষ্টা চলাইছিল যদিও নিউজিলেণ্ডৰ গ’লৰক্ষকে উৎকৃষ্ট ছেভ কৰিছিল। ইফালে ইজিপ্তৰ গ’লৰক্ষক মুস্তাফা শ্বোবেইৰেও কিছু আকৰ্ষণীয় ছেভ কৰি নিজৰ দলটোক মেচখনত বৰ্তাই ৰাখিবলৈ সক্ষম হয়।

খেলখনৰ ৫৮ মিনিটত ইজিপ্তই সফলতা লাভ কৰে। জিকোৱে এটা চমৎকাৰ ফ্ৰী হেডাৰেৰে স্ক’ৰ ১-১ গ’লত সমতা স্থাপন কৰে। ৯ মিনিট পিছত মহম্মদ চালাহে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰে। এটা সুন্দৰ দলীয় পদক্ষেপৰ পিছত তেওঁ এটা লো শ্বট দি ইজিপ্তক ২-১ গ’লত অগ্ৰগতি প্ৰদান কৰে। এই গ’লটোৱেই মেচখনৰ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হ’ল। মেচখনৰ অন্তিম মুহূৰ্তত নিউজিলেণ্ডে পুনৰ উভতি অহাৰ চেষ্টা চলাইছিল যদিও ইজিপ্তই শক্তিশালী ডিফেন্স প্ৰদৰ্শন কৰিছিল। ৮২ মিনিটত ট্ৰেজেগুৱেটে তৃতীয়টো গ’ল দি ইজিপ্তৰ জয় নিশ্চিত কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *