অলেখ সপোন বুকুত বান্ধি মাত্ৰ ১৫ দিন পূৰ্বে যুগ্ম জীৱনৰ পাতনি মেলিছিল যুৱক-যুৱতীহালে। কিন্তু নতুন জীৱনৰ সপোনবোৰ সাকাৰ হোৱাৰ পূৰ্বেই দুয়োৰে মৃতদেহ একেলগে উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথত। জিলাখনৰ সাকোমঠা চাহ বাগিচাত এডাল গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় নৱ-বিবাহিত দম্পতীহালৰ মৃতদেহ।
জানিব পৰা মতে, মৃত দম্পতীহালৰ মাজত আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। যাৰ বাবে পৰিয়ালৰ অজ্ঞাতে প্ৰায় দুসপ্তাহ পূৰ্বে তেওঁলোকে বিবাহপাশত আৱদ্ধ হৈছিল আৰু কদমণি গাঁৱত নতুনকৈ সংসাৰ আৰম্ভ কৰিছিল। নিহত দম্পতীহালক শিৱা ওৰাং আৰু পুষ্পাঞ্জলী মুণ্ডা বুলি চিনাক্ত কৰা হৈছে।
সোমবাৰে পুৱা চাহ বাগিচাৰ মাজত একেডাল পঘাৰে ওলমি থকা অৱস্থাত দুয়োৰে মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে। ইয়াৰ পিছতে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাক খবৰ দিয়া হয়।
খবৰ লাভ কৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰে। পৰৱৰ্তী ব্যৱস্থাৰ বাবে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে, দেওবাৰে নিশা কি পৰিস্থিতিত দম্পতীহালৰ মৃত্যু ঘটিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। পৰিয়ালৰ লোকেও ঘটনাটোৰ কাৰণ সম্পৰ্কে কোনো নিশ্চিত তথ্য দিব পৰা নাই বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ঘটনাটোক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তদন্তৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।
