বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অধিকাৰ আৰু উপাসনাস্থলক কেন্দ্ৰ কৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে নতুনকৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰংপুৰ বিভাগৰ এটা ঘটনাই। গাইবান্ধা জিলাৰ পলাশবাৰীত নিৰ্মীয়মাণ ৰাম মন্দিৰৰ কামত বাধা প্ৰদান কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি দেশখনৰ ৬৪ খন জিলাৰ প্ৰতিখনতে ৰাম মন্দিৰ নিৰ্মাণৰ হুংকাৰ দিয়ে হিন্দু মহাজোঁটে।
মন্দিৰ নিৰ্মাণত বাধা প্ৰদানকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংগঠনটোৱে চৰকাৰক ৭২ ঘণ্টাৰ সময়সীমাও বান্ধি দিয়ে। নিৰ্ধাৰিত সময়ৰ ভিতৰত জড়িতসকলক গ্ৰেপ্তাৰ কৰা নহ’লে অধিক ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও সতৰ্ক কৰি দিয়ে সংগঠনটোৱে।
উল্লেখ্য যে, ৰংপুৰ বিভাগৰ গাইবান্ধা জিলাৰ পলাশবাৰীত প্ৰায় ২২ কোটি টকা ব্যয়সাপেক্ষে ৮১ ফুট উচ্চতাৰ এটা ৰাম মন্দিৰ নিৰ্মাণৰ কাম চলি আছে। মন্দিৰটোৰ লগতে ভগৱান শিৱৰ এটা মন্দিৰ নিৰ্মাণৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছিল।
মন্দিৰ নিৰ্মাণৰ সৈতে জড়িত সূত্ৰই জনোৱা মতে, নিৰ্মাণকাৰ্যৰ প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হয় যদিও সেই সময়তে একাংশ লোকে ইয়াত বাধা প্ৰদান কৰে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে দেশখনৰ বিভিন্ন স্থানতো প্ৰতিক্ৰিয়া দেখা যায়।
ঘটনাটোৰ প্ৰতিবাদত শনিবাৰে ঢাকাত এক বৃহৎ জোৰ সমদল উলিওৱা হয়। সমদলত অংশগ্ৰহণকাৰীসকলে মন্দিৰ নিৰ্মাণত বাধা প্ৰদানকাৰীসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। তেওঁলোকৰ অভিযোগ অনুসৰি ঘটনাটোৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে এতিয়ালৈকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
ইফালে, বিষয়টো সন্দৰ্ভত বাংলাদেশৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰীৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰা হৈছে। মন্দিৰ নিৰ্মাণৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনায় হিন্দু সংগঠনসমূহে।
ঘটনাটোক কেন্দ্ৰ কৰি গোচৰ ৰুজু কৰা হৈছে যদিও বাতৰি অনুসৰি এতিয়ালৈকে কোনো অভিযুক্তক আটক কৰা হোৱা নাই। দাবীৰ প্ৰতি চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই সঁহাৰি নিদিলে আগন্তুক দিনত অধিক তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলিও হিন্দু মহাজোঁটৰ নেতাসকলে জানিবলৈ দিয়ে।
