প্ৰতিচ্ছবি মচিলেই জুবিন নাইকিয়া নহয়ঃ জুবিনৰ ছবি মচি দিয়াক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান পবিত্ৰ মাৰ্ঘেৰিটাৰ

গণেশগুৰিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি দিয়াক কেন্দ্ৰ কৰি অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাই তেওঁ কয় যে প্ৰতিচ্ছবি মচি দিলেই জুবিন নাইকিয়া হৈ নাযায়।

চৰাইদেউ জিলাৰ সোণাৰিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গক অসমীয়াই অন্তৰৰ পৰা ভাল পায়। শাসক বা বিৰোধী বুলি কোনো বিভাজন নাই, সকলো মানুহেই তেওঁক সমানভাৱে ভাল পায়।

পবিত্ৰ মাৰ্ঘেৰিটাই কয়, “জুবিনক কোনোবাই পাহৰিব পাৰে নেকি? জুবিনৰ ছবি কোনোবাই মন গ’লেই মচি দিব নোৱাৰে। জুবিন অসমীয়া জাতি আৰু ব্ৰহ্মপুত্ৰ সভ্যতাৰ বাবে যুগে যুগে জীয়াই থাকিব। প্ৰতিচ্ছবি মচি পেলালেই জুবিন নাইকীয়া হৈ নাযায়।”

প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি মচি দিয়াৰ ঘটনাক লৈ একাংশই ৰাজনীতি আৰম্ভ কৰা বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে জুবিন গাৰ্গৰ সত্তা বা তেওঁৰ প্ৰতি থকা জনসাধাৰণৰ আৱেগক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা উচিত নহয়।

এই প্ৰসংগত পবিত্ৰ মাৰ্ঘেৰিটাই কয়, “জুবিনৰ আলোকচিত্ৰ যদি যথোচিত স্থানত আইনসংগতভাৱে আছিল, তেন্তে সেয়া মচি দিয়াটো ভাল হোৱা নাই।” অৱশ্যে ঘটনাটোৰ সম্পূৰ্ণ তথ্য তেওঁৰ হাতত নাই বুলিও উল্লেখ কৰে তেওঁ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কোনো ঠিকাদাৰ বা বনুৱাই ভুলবশতঃ ছবিখন মচি পেলাব পাৰে। জুবিন গাৰ্গৰ প্ৰতি অসমীয়াৰ ভালপোৱা আৰু আৱেগৰ গভীৰতা উপলব্ধি কৰিব নোৱাৰাৰ ফলতেই এনে ঘটনা ঘটিব পাৰে বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে গুৱাহাটীৰ গণেশগুৰি উৰণ সেতুৰ খুঁটাত অংকিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আৰু ‘কমৰেড নেভাৰ ডাই’ লিখনি মচি দিয়াক লৈ শেহতীয়াকৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ পিছতে পুনৰ ছবিখন অংকনক লৈও বিতৰ্ক আৰু আলোচনা অব্যাহত আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *