মেদান্তাৰ পদক্ষেপ

অসমত মেদবহুলতা আৰু অতিৰিক্ত ওজনৰ সমস্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিশেষজ্ঞসকলে অধিক সজাগতা আৰু সঠিক সময়ত চিকিৎসা গ্ৰহণৰ আহ্বান জনাইছে। অভিজ্ঞ চিকিত্সকসকলে কয় যে বৰ্তমান সময়ত মেদবহুলতাৰ চিকিৎসাৰ বিকল্পসমূহ পূৰ্বতকৈ বহু বেছি সুলভ হৈ পৰিছে।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (এনএফএইছএছ-৫)ৰ তথ্য অনুসৰি, অসমৰ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ প্ৰায় ১৫ শতাংশ মহিলা মেদবহুলতাৰ চিকাৰ হৈছে। আনহাতে, ১৬ শতাংশ পুৰুষ অতিৰিক্ত ওজন বা মেদবহুলতাৰ সমস্যাত ভুগিছে। ৰাজ্যখনত মেদবহুলতা আৰু শাৰীৰিক নিষ্ক্ৰিয়তাৰ ওপৰত কৰা ২০২৪ চনৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে গ্ৰামাঞ্চলৰ তুলনাত চহৰ অঞ্চলত অতিৰিক্ত ওজন আৰু মেদবহুলতাৰ হাৰ বহুত বেছি। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে সলনি হোৱা জীৱনশৈলী আৰু খাদ্যভ্যাসে মানুহৰ স্বাস্থ্যত কেনে প্ৰভাৱ পেলাইছে।
নিউজ উইক আলোচনীৰ দ্বাৰা ২০২৬ বৰ্ষৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ হাস্পতাল হিচাপে স্থান লাভ কৰা মেদান্তা – দ্য মেডিচিটী গুৰুগ্ৰামৰ চিকিৎসকসকলে জানিবলৈ দিছে যে বহি থকা জীৱনশৈলী, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, ভুল খাদ্যভ্যাস, মানসিক চাপ আৰু অপৰ্যাপ্ত টোপনিয়ে মেদবহুলতা বৃদ্ধি কৰিছে। বিশেষজ্ঞসকলে সকীয়াই দিছে যে অতিৰিক্ত ওজনে টাইপ-২ ডায়েবেটিছ, হৃদৰোগ, উচ্চ ৰক্তচাপ, ফেটি লিভাৰ আৰু টোপনিৰ ব্যাঘাতৰ দৰে গুৰুতৰ ৰোগৰ আশংকা বহু পৰিমাণে বৃদ্ধি কৰে।
মেদান্তা গুৰুগ্ৰামৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগৰ জ্যেষ্ঠ সঞ্চালক ডাঃ পৱন ৰাৱলে কয় যে মেদবহুলতা হৈছে এক জটিল চিকিৎসা সম্বন্ধীয় অৱস্থা, যি বংশগত কাৰণ, হৰমন, বিপাক ক্ৰিয়া আৰু পাৰিপাৰ্শ্বিক কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। তেওঁ উল্লেখ কৰে যে চিকিৎসকে দিয়া নতুন মেদবহুলতা প্ৰতিৰোধী ঔষধসমূহ যেতিয়া স্বাস্থ্যকৰ জীৱনশৈলীৰ সৈতে ব্যৱহাৰ কৰা হয়, তেতিয়া ই ৰোগীক দীৰ্ঘম্যাদীভাৱে ওজন হ্ৰাস কৰা আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰাত সহায় কৰিব পাৰে।
ডিব্ৰুগড় চহৰৰ স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলে লক্ষ্য কৰিছে যে চহৰীকৰণ আৰু কামৰ পৰিৱেশ সলনি হোৱাৰ বাবে মানুহৰ মাজত জীৱনশৈলীৰ সৈতে জড়িত ৰোগসমূহৰ প্ৰতি সজাগতা বৃদ্ধি পাইছে। উজনি অসমত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু ওজন নিয়ন্ত্ৰণৰ বাবে বৃদ্ধি পোৱা চাহিদাই প্ৰমাণ কৰে যে মানুহে এতিয়া স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হৈছে।
ডাঃ ৰাৱলে সাধাৰণ ৰাইজক নিজে নিজৰ চিকিৎসা নকৰিবলৈ আৰু ওজন হ্ৰাসৰ বাবে ছচিয়েল মিডিয়াত ভাইৰেল ট্ৰেণ্ডৰ ওপৰত নিৰ্ভৰ নকৰিবলৈ পৰামৰ্শ দিছে। মেদবহুলতাৰ সৈতে যুঁজি থকা লোকসকলক অচিৰে বিশেষজ্ঞৰ সহায় ল’বলৈ আহ্বান জনায়। ডাঃ ৰাৱলে অহা ২০ জুনত ডিব্ৰুগড় মেডিচিটিত পৰামৰ্শৰ বাবে উপস্থিত থাকিব। ইয়াৰ উপৰিও, মেদান্তাই উত্তৰ-পূবৰ ৰোগীসকলক বিভিন্ন আঞ্চলিক ভাষাত চিকিৎসক বাছনি আৰু এপইণ্টমেণ্ট লোৱাত সহায় কৰিবলৈ এক বিশেষ উত্তৰ-পূব হেল্পলাইন সেৱাও আৰম্ভ কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *