জিৰ’লেণ্ডত আৱদ্ধ বাংলাদেশী পৰিয়ালৰ ৪ সদস্যক গ্ৰহণ বাংলাদেশৰ; এতিয়াও আৱদ্ধ ৫ বাংলাদেশী

ভাৰত-বাংলাদেশ সীমান্তৰ জিৰ’লেণ্ডত আৱদ্ধ বাংলাদেশী নাগৰিকসকলক লৈ চলি থকা অনিশ্চয়তাৰ মাজতে এটা পৰিয়ালে লাভ কৰিলে নিজ দেশত প্ৰৱেশৰ সুযোগ। দুটা শিশু, এগৰাকী মহিলা আৰু এজন পুৰুষসহ পৰিয়ালটোৰ ৪ সদস্যক নিশাৰ ভাগত গ্ৰহণ কৰে বাংলাদেশ কৰ্তৃপক্ষই।

প্ৰায় ৯৬ ঘণ্টা ধৰি শূন্য ৰেখাত আৱদ্ধ হৈ থকা পৰিয়ালটোৰ সদস্যকেইজন হৈছে মৈমনসিং জিলাৰ ভালুকা থানা এলেকাৰ কাংগেৰকুল গাঁৱৰ বিল্লাল হুছেইন (২৮), তেওঁৰ পত্নী চুমি আখতাৰ (২২), কন্যা ফাতেমা আখতাৰ (৪) আৰু ছয়মহীয়া কন্যা ফাহিমা আখতাৰ।

উল্লেখ্য যে, দীৰ্ঘসময় মুকলি স্থানত থাকিবলগীয়া হোৱাৰ ফলত মহিলা আৰু শিশু দুটাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। বিশেষকৈ ছয়মহীয়া শিশুটোৰ অসুস্থতাৰ বিষয়টো সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত বাংলাদেশ কৰ্তৃপক্ষই তৎপৰতা বৃদ্ধি কৰে আৰু পৰিয়ালটোক দেশত প্ৰৱেশৰ অনুমতি দিয়ে।

নিশাৰ ভাগত বাংলাদেশৰ ফালৰ পৰা পৰিয়ালটোক সীমান্ত পাৰ কৰাই নিয়া হয় বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে। অৱশ্যে এই প্ৰক্ৰিয়াৰ বিষয়ে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)-ক আনুষ্ঠানিকভাৱে অৱগত কৰা হৈছিল নে নাই, সেয়া স্পষ্ট হোৱা নাই।

ইফালে, জিৰ’লেণ্ডত এতিয়াও আৱদ্ধ হৈ আছে আন পাঁচজন বাংলাদেশী নাগৰিক। বৰষুণ আৰু প্ৰতিকূল বতৰৰ মাজত পলিথিনৰ অস্থায়ী আশ্ৰয় লৈ মুকলি পথাৰত দিন কটাইছে লোককেইজনে।

আৱদ্ধ হৈ থকা লোককেইজন হৈছে মৈমনসিং বিভাগৰ ভালুকা থানাৰ বিষ্ণুণীয়া গাঁৱৰ ছাগিব মিঞা (২১), হালুৱাঘাট থানাৰ কৌচিয়া গাঁৱৰ নিমে উদ্দিন (২২), ছিলেটৰ সুনামগঞ্জ জিলাৰ তাহিৰপুৰ থানাৰ কাৰাকান্দি গাঁৱৰ মহম্মদ জহিৰুল ইছলাম (২৬), নেত্ৰকোণা জিলাৰ বাৰহাট্টা থানাৰ চাউতা গাঁৱৰ মহম্মদ পাৰভেজ (২২) আৰু মৈমনসিং জিলাৰ ভালুকা থানাৰ কাংগেৰকুল গাঁৱৰ মহম্মদ হিমেল আহমেদ (২০)।

সীমান্তত আৱদ্ধ আটাইকেইজন ব্যক্তিয়ে বৰ্ডাৰ গাৰ্ড বাংলাদেশ (বিজিবি)-ৰ ওচৰত নিজকে বাংলাদেশী নাগৰিক হিচাপে পৰিচয় দাখিল কৰিছে। এটা পৰিয়ালক গ্ৰহণ কৰাৰ পিছতো বাকী পাঁচজনক এতিয়াও প্ৰৱেশৰ অনুমতি নিদিয়াত বিষয়টোক লৈ সীমান্ত অঞ্চলত প্ৰশ্ন উত্থাপন হৈছে।

জিৰ’লেণ্ডত আৱদ্ধ হৈ থকা লোকসকলৰ বিষয়টো শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনাইছে স্থানীয় বিভিন্ন দল-সংগঠন আৰু সচেতন মহলে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *