বিধায়ক হাবে টেৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী ঘোষণা শাসকীয় মিত্ৰজোঁটৰ

অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ হৈছে। এই পৰিপ্ৰেক্ষিততে আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবে টেৰণক শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে আমৰি (জনজাতি সংৰক্ষিত) সমষ্টিৰ বিধায়ক ডাঃ হাবে টেৰণে শাসকীয় মিত্ৰজোঁটৰ হৈ উপাধ্যক্ষ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।

মুখ্যমন্ত্ৰীয়ে কয় যে চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ডাঃ টেৰণ নতুনকৈ গঠন কৰা আমৰি সমষ্টিৰ প্ৰথমজন নিৰ্বাচিত জনপ্ৰতিনিধি। তেওঁ জনজাতীয় সমাজৰ আশা-আকাংক্ষাৰ প্ৰতিনিধিত্ব কৰাৰ লগতে বিধানসভাৰ কাৰ্যপ্ৰণালীত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কণ্ঠ অধিক শক্তিশালী কৰি তুলিব বুলিও আশা প্ৰকাশ কৰে।

উল্লেখ্য যে ডাঃ টেৰণ জনজাতি অধ্যুষিত পাহাৰীয়া অঞ্চলৰ এজন জনপ্ৰতিনিধি। নতুনকৈ গঠন কৰা আমৰি সমষ্টিৰ বিধায়ক হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে।

অসম বিধানসভাৰ উপাধ্যক্ষ পদ সংবিধান স্বীকৃত এক গুৰুত্বপূৰ্ণ দায়িত্ব। অধ্যক্ষৰ অনুপস্থিতিত সদনৰ কাৰ্যবিধি পৰিচালনা কৰাৰ লগতে বিভিন্ন সংসদীয় দায়িত্ব পালন কৰে উপাধ্যক্ষই।

১২৬ সদস্যবিশিষ্ট অসম বিধানসভাত শাসকীয় মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা থকাৰ পৰিপ্ৰেক্ষিতত ডাঃ হাবে টেৰণৰ জয়ৰ সম্ভাৱনা অধিক বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *