মেঘালয়ত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। আন্তঃৰাজ্যিকভাৱে নিষিদ্ধ মাদক দ্ৰব্যৰ সৰবৰাহক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে এইবাৰ পশ্চিম গাৰো হিলছ জিলাত আৰক্ষীৰ জালত পৰিল অসমৰ তিনিজনকৈ অভিযুক্ত সৰবৰাহকাৰী।
এক বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত মেঘালয় আৰক্ষীৰ ড্ৰাগছ বিৰোধী টাস্ক ফ’ৰ্চে (এএনটিএফ) সোমবাৰে তিত্ৰিকিল্লা অঞ্চলত বিশেষ অভিযান চলায়। এনডিপিএছ আইনৰ অধীনত স্থাপন কৰা এটা নাকাত তালাচীৰ সময়ত তিনিজন লোকক আটক কৰে আৰক্ষীয়ে।
তালাচীৰ সময়ত ধৃত লোককেইজনৰ দখলৰ পৰা ৫৩ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন ভৰ্তি পাঁচটা প্লাষ্টিকৰ চাবোনৰ বাকচ উদ্ধাৰ হয়। ইয়াৰ উপৰিও দুখন মটৰচাইকেল আৰু তিনিটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।
ধৃত লোককেইজন হৈছে গোৱালপাৰা জিলাৰ শিমলাবাৰীৰ জাহিদ হুছেইন (৩৫), লক্ষীপুৰৰ ৰাজমিতা পণ্টাইৰ ছাদ্দাম হুছেইন (৩৫) আৰু চতাইমাৰীৰ ৰাছিদুল হক (২৩)। তিনিওজনেই অসমৰ গোৱালপাৰা জিলাৰ বাসিন্দা।
উল্লেখ্য যে, সীমান্তৱৰ্তী অঞ্চলসমূহক ব্যৱহাৰ কৰি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলোৱাৰ ঘটনা শেহতীয়া সময়ত বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপিত হৈছে। এনে পৰিস্থিতিৰ মাজতে তিত্ৰিকিল্লাত চলোৱা এই অভিযানক এক উল্লেখযোগ্য সফলতা হিচাপে গণ্য কৰা হৈছে।
ঘটনাটোক কেন্দ্ৰ কৰি তিত্ৰিকিল্লা আৰক্ষী থানাত এনডিপিএছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। ধৃত লোককেইজন কোনো বৃহৎ আন্তঃৰাজ্যিক ড্ৰাগছ চক্ৰৰ সৈতে জড়িত নেকি, সেই দিশতো তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
