আয়ৰ উৎসতকৈ অধিক সম্পত্তিৰ গোচৰ; জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য–নন্দেশ্বৰ বৰাৰ জামিন আবেদন আজি শুনানি

আয়ৰ উৎসতকৈ অধিক সম্পত্তি থকাৰ অভিযোগত কাৰাবন্দী হৈ থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰাক্তন দুই দেহৰক্ষীৰ জামিন আবেদনক লৈ আজি পুনৰ শুনানি গ্ৰহণ কৰিব আদালতে। আজি বিশেষ আদালতত শুনানি অনুষ্ঠিত হ’ব পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ।

মুখ্যমন্ত্ৰীৰ সতৰ্কতা কোষে ৰুজু কৰা আয়-বহিৰ্ভূত সম্পত্তিৰ গোচৰত নাম সাঙোৰ খোৱা বৈশ্য আৰু বৰাই জামিন বিচাৰি বিশেষ আদালতৰ কাষ চাপিছিল। বিশেষ ন্যায়াধীশৰ আদালতত আবেদন দুখনৰ শুনানি গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে জামিনৰ বাবে বিশেষ ফাষ্টট্ৰেক আদালতত আবেদন কৰিছিল দুয়োগৰাকী অভিযুক্তই। অৱশ্যে আদালতে সেই আবেদন খাৰিজ কৰে।

তাৰ পিছতে পুনৰ বিশেষ আদালতত নতুনকৈ জামিন আবেদন দাখিল কৰে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই। বৰ্তমানেও গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীৰ সতৰ্কতা কোষে।

ইফালে, শুনানি সম্পন্ন হোৱাৰ পাছত আদালতে জামিন আবেদনৰ ওপৰত সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *