জিটেকা ষ্টেডিয়ামত অনুষ্ঠিত ফিফা বিশ্বকাপৰ উদ্বোধনী মেচখনত আন্তঃৰাষ্ট্ৰীয় ফুটবলত এক অস্বাভাৱিক কাণ্ডৰ সাক্ষী হৈ পৰে। তিনিজন খেলুৱৈক ৰেড কাৰ্ড দেখুওৱাই বাহিৰ কৰি দিয়া হয়। বিশ্বকাপৰ ইতিহাসত এইটোৱেই আছিল প্ৰথমবাৰৰ বাবে উদ্বোধনী মেচত তিনিজন খেলুৱৈক বাহিৰ কৰি দিয়া ঘটনা, য’ত সকলোৱে পোনে পোনে ৰেড কাৰ্ড লাভ কৰিছিল। মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক ২-০ গ’লত পৰাস্ত কৰা এই মেচখনত দক্ষিণ আফ্ৰিকাৰ শ্বেফেলো চিথ’লে আৰু থেম্বা ঝৱানেৰ লগতে মেক্সিকোৰ চেজাৰ মণ্টেছক ৰেড কাৰ্ড দেখুওৱা হয়। ২০২২ চনত কাটাৰত অনুষ্ঠিত হোৱা পূৰ্বৰ বিশ্বকাপত সমগ্ৰ প্ৰতিযোগিতাখনত মাত্ৰ চাৰিখন ৰঙা কাৰ্ডহে দেখুওৱা হৈছিল। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে পেনাল্টি এৰিয়াৰ ওচৰত মেক্সিকোৰ ব্ৰিয়ান গুটিয়েৰেজক ফাউল কৰাৰ বাবে ছিথ’লক বাহিৰ কৰি দিয়ে। পিছত ৮৪ মিনিটত ৰবাৰ্ট আলভাৰাডোৰ মুখত আঘাত কৰাৰ বাবে ঝৱানেক ৮৪ মিনিটত ভিডিঅ’ ৰিভিউৰ পিছত বাহিৰ কৰা হয়।
আঘাতৰ সময়ত মণ্টেছে খুয়েলিছ’ মুডাউক ফাউল কৰাৰ বাবে ৰেড কাৰ্ড লাভ কৰে। এতিয়া তিনিওজন খেলুৱৈক আৰু কমেও এখন মেচৰ বাবে নিলম্বিত কৰা হৈছে। ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাই চেক গণৰাজ্যৰ বিৰুদ্ধে খেলিব, আনহাতে মেক্সিকোৱে গুৱাডালাজাৰাত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। বিশ্বকাপৰ এখন খেলত সৰ্বাধিক ৰেড কাৰ্ড পোৱাৰ অভিলেখ ২০০৬ চনত পৰ্তুগাল আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা খেলখনত আছিল, য’ত চাৰিজন খেলুৱৈক বাহিৰ কৰি দিয়া হৈছিল। আনহাতে, জুলিয়ান কুইননেছ আৰু ৰাউল জিমেনেজৰ সুন্দৰ গ’লৰ সহায়ত মেক্সিকোৱে ২-০ গ’লত জয়লাভ কৰে। মেক্সিকোৱে আক্ৰমণাত্মকভাৱে শক্তিশালী প্ৰদৰ্শন কৰাৰ ফলত গোটেই মেচখনতে ঘৰুৱা দলটোৱে বিপক্ষৰ ওপৰত আধিপত্য বিস্তাৰ কৰে।
মেক্সিকোৰ আক্ৰমণাত্মক খেলৰ জোখ ল’ব পাৰি যে নৱম মিনিটত জুলিয়ান কুইনোনেছে গ’ল দি দলটোক ১-০ গ’লত আগুৱাই লৈ যায়। অৱশ্যে দ্বিতীয়টো গ’লৰ বাবে ৫৭ মিনিট অপেক্ষা কৰিবলগীয়া হৈছিল দলটোৱে। ৬৬ মিনিটত হেডাৰেৰে দ্বিতীয়টো গ’ল দিয়ে জ্যেষ্ঠ ষ্ট্ৰাইকাৰ ৰাউল জিমেনেজে। খেলখনৰ সময়ত ৰাউল জিমেনেজেও এক বিশেষ মাইলৰ খুঁটি অৰ্জন কৰে। ৬৬ মিনিটত গ’ল দি তেওঁ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ মুঠ গ’ল ৪৬লৈ বৃদ্ধি কৰে। ইয়াৰ ফলত তেওঁ মেক্সিকোৰ হৈ যৌথ দ্বিতীয় সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত তেওঁ প্ৰাক্তন ফুটবলাৰ জেৰেড বৰ্গেট্টিক সমান কৰিছিল, যিয়েও আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৪৬টা গ’ল দিছিল। ১০৯খন মেচত ৫২টা গ’ল দি শীৰ্ষস্থান দখল কৰিছে জেভিয়াৰ হাৰ্নাণ্ডেজে।
