অৰুণাচলত ভয়ংকৰ ভূমিস্খলন; দ খাৱৈত বাগৰি পৰিল বাহন, নিহত ৩

ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ মাজতে অৰুণাচল প্ৰদেশত সংঘটিত হ’ল এক শোকাৱহ দুৰ্ঘটনা। পাহাৰ খহি পৰাৰ ফলত এখন বাহন পথৰ পৰা পিছলি দ খাদলৈ বাগৰি পৰাত প্ৰাণ হেৰুৱাবলগীয়া হয় তিনিজন লোকে। ঘটনাটোত আন দুজন লোক গুৰুতৰভাৱে আহত হয়।

বুধবাৰে পুৱা আপাৰ ছিয়াং জিলাৰ মিগিং–টুটিং পথত এই দুৰ্ঘটনা সংঘটিত হয়। ভূমিস্খলনৰ ফলত এখন টাটা নেক্সন বাহন পথৰ পৰা প্ৰায় ২০০ মিটাৰ তলৰ খাৱৈত বাগৰি পৰে।

মৰ্মান্তিক দুৰ্ঘটনাটোত নিহত সকলক অট্টু নিটিক, তেওঁৰ পত্নী বামি নিটিক আৰু অ’লেক টালি বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত ভাৰতীয় সেনা, ভাৰত-তিব্বত সীমা আৰক্ষী বাহিনী আৰু স্থানীয় প্ৰশাসনে প্ৰায় ৯ ঘণ্টা সময় ধৰি উদ্ধাৰ অভিযান চলাই মৃতদেহ কেইটা উদ্ধাৰ কৰে।

ইফালে, ভূমিস্খলনৰ ফলত হোৱা পথ অৱৰোধে উদ্ধাৰ অভিযান আৰু আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাত ব্যাপক অসুবিধাৰ সৃষ্টি কৰে। প্ৰশাসনে নিহতসকলৰ পৰিয়াললৈ ৪ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। এই মৰ্মান্তিক দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *