সীমান্ত অতিক্ৰম কৰি ভাৰত ভূমিত প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিকক লৈ মেঘালয়ৰ ভাৰত–বাংলাদেশ সীমান্তত মঙলবাৰে সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰা ব্যক্তিগৰাকীক বাংলাদেশী পক্ষই গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছতে তেওঁ ন’ মেন’ছ লেণ্ডত আৱদ্ধ হৈ পৰে।
মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো হিলছ জিলাৰ মহেন্দ্ৰগঞ্জৰ নন্দীৰচৰ সীমান্ত অঞ্চলত এই ঘটনা সংঘটিত হয়। বিএছএফ সূত্ৰই জানিবলৈ দিয়া মতে, সীমান্ত অতিক্ৰম কৰি সন্দেহজনকভাৱে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা এজন ব্যক্তিক বাহিনীয়ে আটক কৰে।
পিছত তেওঁক পুনৰ সীমান্তৰ ফালে লৈ যোৱা সময়ত বাংলাদেশ সীমান্ত ৰক্ষী বাহিনীয়ে তেওঁক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ ফলত সীমান্তৰ মধ্যৱৰ্তী ন’ মেন’ছ লেণ্ডত ব্যক্তিগৰাকী আৱদ্ধ হৈ পৰে।
৫৫ বছৰীয়া সতি ৰাজবংশী নামৰ ব্যক্তিজন বাংলাদেশৰ ৰাজশাহী জিলাৰ চলনা গাঁৱৰ বাসিন্দা বুলি বিএছএফ সূত্ৰই জানিবলৈ দিয়ে। তেওঁ বৈধ নথিপত্ৰ অবিহনে ভাৰতীয় সীমান্ত অতিক্ৰম কৰিছিল বুলি অভিযোগ কৰা হৈছে।
বিএছএফ সূত্ৰই কয় যে নিয়ম অনুসৰি ব্যক্তিজনক বাংলাদেশ পক্ষলৈ হস্তান্তৰ কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু বাংলাদেশ সীমান্ত ৰক্ষী বাহিনীয়ে তেওঁক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
ইফালে বিএছএফ আৰু বিজিবিৰ মাজত অনুষ্ঠিত কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকেও বিষয়টোৰ কোনো সমাধান উলিয়াব নোৱাৰিলে বুলি সূত্ৰই জনায়।
ঘটনাটোক লৈ দুই পক্ষৰ মাজত পৰস্পৰবিৰোধী দাবী উত্থাপন হৈছে। বাংলাদেশী পক্ষই ব্যক্তিজনৰ পৰিচয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে বিএছএফ সূত্ৰই অভিযোগ কৰে যে তেওঁক বাংলাদেশী সীমান্ত বাহিনীয়ে আগতে নিজ গাঁৱৰ পৰা সীমান্তলৈ ঠেলি দিছিল।
লক্ষ্যণীয়ভাৱে, দুয়োপক্ষৰ আলোচনা চলি থকাৰ পাছতো এতিয়ালৈকে কোনো সমাধান উলিয়াব পৰা হোৱা নাই আৰু ব্যক্তিগৰাকী এতিয়াও ন’ মেন’ছ লেণ্ডত আৱদ্ধ হৈ আছে।
