বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ বৈঠকৰ প্ৰাকমুহূৰ্তত দিল্লীত ৰাহুল গান্ধীক লক্ষ্য কৰি বিতৰ্কিত পোষ্টাৰ! মিত্ৰদলৰ পুৰণি সমালোচনাৰে ৰাজনৈতিক আক্ৰমণ

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ প্ৰাকমুহূৰ্তত দেশৰ ৰাজধানী চহৰখনত একাংশ বিতৰ্কিত পোষ্টাৰে এতিয়া এক তীব্ৰ ৰাজনৈতিক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি দেওবাৰে নিশা দিল্লীৰ বিভিন্ন স্থানত এই পোষ্টাৰসমূহ লগোৱা পৰিলক্ষিত হয়। বিশেষভাৱে লক্ষণীয় যে এই পোষ্টাৰবোৰত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰে প্ৰধান দলসমূহৰ জ্যেষ্ঠ নেতাসকলে বিভিন্ন সময়ত ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে কৰা পুৰণি সমালোচনা আৰু মন্তব্যসমূহহে প্ৰকাশ পায়।

দিল্লীৰ ৰাজপথত দেখা পোৱা এই পোষ্টাৰসমূহত জাতীয়তাবাদী কংগ্ৰেছ দলৰ (শৰদচন্দ্ৰ পাৱাৰ) সভাপতি শৰদ পাৱাৰ আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ ছবি সানিৱিষ্ট থকা দেখা যায়। ৰাহুল গান্ধীৰ কাৰ্যশৈলী আৰু তেওঁৰ মাজত থকা ধাৰাবাহিকতাৰ অভাৱক লৈ এসময়ত মিত্ৰদলৰ এই জ্যেষ্ঠ নেতাসকলে যিবোৰ ৰাজহুৱা প্ৰশ্ন উত্থাপন কৰিছিল, সেই উক্তি খিনিকে এতিয়া পোষ্টাৰত ব্যৱহাৰ কৰি কংগ্ৰেছক ৰাজনৈতিকভাৱে ব্যংগ কৰে বিৰোধী পক্ষই। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত মিত্ৰজোঁটৰ এইখন প্ৰথম আনুষ্ঠানিক গুৰুত্বপূৰ্ণ বৈঠক হোৱাৰ কথা আছিল।

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত হোৱা আসনৰ খেলিমেলি আৰু পৰৱৰ্তী ৰাজনৈতিক পৰিৱৰ্তনৰ পাছৰে পৰা বিৰোধী মিত্ৰজোঁটৰ দলসমূহৰ ভিতৰচৰাত এক অসন্তুষ্টিয়ে বৰ্তমানো বিৰাজ কৰিছে। এনে এক স্পৰ্শকাতৰ সময়তে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ ঠিক পূৰ্বে হোৱা এই পোষ্টাৰ যুদ্ধই মিত্ৰজোঁটৰ দলসমূহৰ মাজৰ আভ্যন্তৰীণ মতানৈক্যক পুনৰ ৰাজহুৱা কৰা পৰিলক্ষিত হৈছে।

বিজেপি বিৰোধী দলসমূহে পৰৱৰ্তী ৰণনীতি তৈয়াৰ কৰিবলৈ বৈঠক আহ্বান কৰাৰ মুহূৰ্ততে দেখা যোৱা এই আকস্মিক পোষ্টাৰ কাণ্ডই বিৰোধীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত কিমান প্ৰভাৱ পেলাব, সেইয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এই সমগ্ৰ বিষয়টোক লৈ বৰ্তমানলৈকে কংগ্ৰেছ বা মিত্ৰজোঁটৰ কোনো জ্যেষ্ঠ নেতাই আনুষ্ঠানিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও দিল্লীৰ এই ৰাজনৈতিক পৰিৱেশে সমগ্ৰ দেশৰে সংবাদ মাধ্যমত এক বিশেষ চৰ্চা লাভ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *