ভাৰতৰ জন্মৰ হাৰক লৈ ডাঙৰ মন্তব্য ইলন মাস্কৰ; প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠাপন স্তৰতকৈ হ্ৰাস সন্তান জন্মৰ গতি

দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সন্তান জন্মৰ গতিত অহা এক অভূতপূৰ্ব হ্ৰাসে জোকাৰি গৈছে সমগ্ৰ ভাৰতবৰ্ষ।জনসংখ্যা সুস্থিৰ ৰখাৰ বাবে প্ৰয়োজনীয় প্ৰতিষ্ঠাপন স্তৰতকৈও দেশৰ জন্মৰ হাৰ তললৈ নামি যোৱাৰ এক চাঞ্চল্যলকৰ তথ্য শেহতীয়াকৈ ৰাজহুৱা কৰে বিশ্বৰ আটাইতকৈ ধনী উদ্যোগী ইলন মাস্কে। ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত কৰা এটা পোষ্টৰ জৰিয়তে স্পেচ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে ভাৰতৰ উচ্চ শিক্ষিত সমাজখনৰ মাজত এই জন্মৰ হাৰ বহু বছৰ পূৰ্বেই হ্ৰাস পাইছিল।

‘এ এফ পোষ্ট’ নামৰ এটা সংবাদ প্ৰতিষ্ঠানে ছচিয়েল মিডিয়াত প্ৰকাশ কৰা এক পৰিসংখ্যাৰ উদ্ধৃতি দি মাস্কে এই মত প্ৰকাশ কৰে। উক্ত সংবাদ প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি, মাত্ৰ এটা দশকৰ ভিতৰতে ভাৰতৰ সামগ্ৰিক প্ৰজনন হাৰ ২.৩ ৰ পৰা হ্ৰাস পাই ১.৯ হৈছেগৈ। আনকি দেশৰ ৰাজধানী দিল্লীৰ প্ৰজনন হাৰ বৰ্তমান সময়ত কেৱল ১.২ শতাংশ স্পৰ্শ কৰিছে, যাৰ ফলত ই বিশ্বৰ আটাইতকৈ কম জন্মৰ হাৰ থকা ফিনলেণ্ডতকৈও তললৈ নামি গৈছে।

বিখ্যাত আলোচনী ‘দ্য ইকনমিষ্ট’ত প্ৰকাশিত ‘ইণ্ডিয়াছ পপুলেশ্যন উইল চুন বি ফলিং—প্ৰবেব্লি কোৱাইট ফাষ্ট’ শীৰ্ষক এক প্ৰতিবেদনৰ আধাৰত এ এফ পোষ্টে এই তথ্য দাঙি ধৰিছে। আনহাতে, ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ ২০২৫ চনৰ বিশ্ব জনসংখ্যা স্থিতি প্ৰতিবেদনতো একেধৰণৰ তথ্য প্ৰকাশ পাইছে। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন অনুসৰি, ভাৰতীয় মহিলাৰ সামগ্ৰিক প্ৰজনন হাৰ বৰ্তমান ১.৯ শতাংশলৈ হ্ৰাস পাইছে, যিটো জনসংখ্যাৰ আকাৰ অক্ষুণ্ণ ৰাখিবলৈ প্ৰয়োজনীয় প্ৰতিষ্ঠাপন স্তৰ ২.১ তকৈ বহু কম। ইয়াৰ অৰ্থ হৈছে, প্ৰব্ৰজন নোহোৱাকৈ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ জনসংখ্যা সুস্থিৰ ৰাখিবলৈ ভাৰতীয় মহিলাৰ সন্তান জন্মৰ গড় হাৰ এতিয়া পৰ্যাপ্ত নহয়।

উল্লেখ্য যে, বৰ্তমান সময়ত ভাৰতৰ জনসংখ্যা ১৪৬ কোটিতকৈও অধিক। ২০২৩ চনতে চীনক চেৰ পেলাই বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে পৰিগণিত হৈছে ভাৰতবৰ্ষ। অৱশ্যে জনসংখ্যা বৃদ্ধি পালেও স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত থকা বৃহৎ বৈষম্যই আজিও দেশখনত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি, দেশত মাতৃৰ মৃত্যুৰ হাৰ আৰু লিংগ বৈষম্য এতিয়াও যথেষ্ট বেছি। বিশেষকৈ ২৪ বছৰৰ কম বয়সৰ মহিলাসকলৰ মাজত বাল্যবিবাহ আৰু কম বয়সতে গৰ্ভধাৰণৰ ফলত মাতৃৰ অস্বাভাৱিক মৃত্যুৰ দৰে গুৰুতৰ সমস্যা আজিও দেশখনত অব্যাহত থকা পৰিলক্ষিত হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *