বিদ্যালয়ত নিষিদ্ধ মাংস অনাক লৈ চাঞ্চল্য! গোৱালপাৰাত উত্তপ্ত পৰিস্থিতি

শ্ৰেণীকোঠাৰ ভিতৰতে একাংশ ছাত্ৰই নিষিদ্ধ মাংস ভক্ষণ কৰাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গোৱালপাৰা জিলাত। কৃষ্ণাইৰ হাব্ৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত এই স্পৰ্শকাতৰ ঘটনাটো সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহে। বিষয়টো জনাজাত হোৱাৰ পিছতে একাংশ অভিভাৱকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ লগতে তেওঁলোকে বিদ্যালয় কৰ্তৃপক্ষক জবাবদিহি কৰাৰ উপৰি অভিযুক্ত ছাত্ৰ আৰু অভিভাৱকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনায়।

প্ৰাপ্ত খবৰ অনুসৰি, বিদ্যালয়খনৰ এটা শ্ৰেণীকোঠাৰ ভিতৰত এটা বিশেষ সম্প্ৰদায়ৰ ৫ গৰাকী ছাত্ৰই টিফিনৰ সময়ত নিষিদ্ধ মাংস ভক্ষণ কৰিছিল। ইয়াৰ পিছতে অভিযুক্ত ছাত্ৰকেইজনে শ্ৰেণীকোঠাতে থকা আন দুগৰাকী ভিন্ন সম্প্ৰদায়ৰ ছাত্ৰকো সেই মাংস খাবৰ বাবে বাধ্য কৰিবলৈ চেষ্টা চলাইছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়ৰ দৰে স্থানত সংঘটিত এই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো প্ৰথম অৱস্থাত লুকুৱাবলৈহে চেষ্টা চলোৱাৰো অভিযোগ তুলিছে একাংশই।

ভুক্তভোগী ছাত্ৰ দুজনে ঘৰলৈ গৈ সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰাৰ পিছতে সমগ্ৰ বিষয়টো ৰাইজৰ মাজত প্ৰকাশ পায় আৰু অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ঘটনাৰ গুৰুত্ব অনুধাৱন কৰি ভুক্তভোগী ছাত্ৰৰ পৰিয়ালে ততালিকে আৰক্ষী থানাৰ কাষ চাপে আৰু এই সন্দৰ্ভত ইতিমধ্যে এখন এজাহাৰো দাখিল কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে দোষী ছাত্ৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জোৰদাৰ দাবী জনাইছে।

ইফালে, সাংবাদিকৰ আগত সমগ্ৰ ঘটনাৰ স্পষ্টীকৰণ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই। নৱম শ্ৰেণীৰ কেইজনমান ছাত্ৰই টিফিনৰ সময়ত নিষিদ্ধ মাংস অনাৰ কথা এজন শিক্ষকৰ জৰিয়তে গম পোৱা বুলি উল্লেখ কৰে প্ৰধান শিক্ষকে। পৰৱৰ্তী সময়ত জ্যেষ্ঠসকলৰ সৈতে বহি ছাত্ৰকেইজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে যাতে এনে কাম নকৰে, তাৰ বাবে এক প্ৰতিশ্ৰুতি পত্ৰত স্বাক্ষৰ কৰাই লোৱা হয়। ঘটনাৰ জটিলতালৈ চাই আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ’বলৈ সকলো কৰ্মচাৰীৰ সৈতে আলোচনা কৰি ছাত্ৰকেইজনক প্ৰথমবাৰৰ বাবে ক্ষমা কৰি দিয়া বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

বিদ্যালয়ৰ মুৰব্বীগৰাকীয়ে লগতে উল্লেখ কৰে যে ইয়াত ছাত্ৰকেইজনৰ ভুল নাই, বৰঞ্চ তেওঁলোকৰ অভিভাৱকহে সষ্টম থাকিব লাগিছিল আৰু তেনে মাংস স্কুললৈ পঠিয়াব নালাগিছিল। ছাত্ৰকেইজনে আন সম্প্ৰদায়ৰ ছাত্ৰক মাংস খুৱাই দিম বুলি কোৱা বুলিও তেওঁ স্বীকাৰ কৰে। ঘটনাটোক লৈ বৰ্তমান সময়ত অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত তথ্য আৰু সবিশেষ পোহৰলৈ আহিব।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *