অভিজ্ঞ শিক্ষাবিদসকলৰ দক্ষতা আৰু জ্ঞানক পুনৰ ব্যৱহাৰ কৰাৰ লক্ষ্যৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই বিশেষ নীতিৰ অধীনতে শিক্ষা বিভাগৰ এগৰাকী ৰাজ্যিক বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষকৰ কাৰ্যকাল অতিৰিক্ত এবছৰৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছে। এই সুযোগ লাভ কৰা ধুবুৰী জিলাৰ আগমণিৰ কালডোবা উচ্চ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ড০ মিজানুৰ ৰহমানক যোৱা ৩০ এপ্ৰিলত হোৱা অৱসৰৰ পাছতে পুনৰ সেৱাত মকৰল কৰা হয়।
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শিক্ষাক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ৰাজ্যিক বঁটা লাভ কৰা একাংশ নিৰ্বাচিত শিক্ষকক অৱসৰৰ পাছতো এক সীমিত সময়ৰ বাবে সেৱা আগবঢ়াবলৈ অনুমতি দিয়াৰ এক বিশেষ নীতি চৰকাৰে গ্ৰহণ কৰিছে। এই নিয়মৰ অধীনতে ড০ ৰহমানক তেওঁৰ বৰ্ধিত কাৰ্যকালৰ ভিতৰত ধুবুৰী জিলাৰ যিকোনো বিদ্যালয়তে শিক্ষাদান কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে, শিক্ষাদানৰ লগতে বিদ্যালয়ৰ প্ৰশাসন পৰিচালনাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ২০১৭ চনত অসম চৰকাৰে ড০ ৰহমানক ৰাজ্যিক বঁটাৰে সন্মানিত কৰিছিল। ইয়াৰ উপৰি বিদ্যালয়সমূহত স্বচ্ছতা আৰু দায়বদ্ধতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বাবে একেটা বছৰতে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। চৰকাৰী বিষয়াৰ মতে, জ্যেষ্ঠ আৰু অভিজ্ঞ শিক্ষাবিদসকলৰ জৰিয়তে শৈক্ষিক পৰামৰ্শ প্ৰদান কৰা, বিদ্যালয়ৰ নেতৃত্ব শক্তিশালী কৰা আৰু যুৱ শিক্ষকসকলক সঠিক দিশদৰ্শন কৰোৱাটোৱেই হৈছে চৰকাৰী পৰ্যায়ত হাতত লোৱা এই বিশেষ পদক্ষেপৰ মূল লক্ষ্য।
এই নিৰ্দেশনা লাভ কৰাৰ পাছতে চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ড০ মিজানুৰ ৰহমানে। তেওঁ কয়, “শিক্ষাদান মোৰ বাবে কেৱল এটা বৃত্তি নহয়, ই জীৱনজোৰা এক সংকল্প। মই পুনৰ শ্ৰেণীকোঠালৈ উভতি যাবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ।”
ইফালে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে স্থানীয় ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলেও। তৃণমূল পৰ্যায়ৰ শিক্ষাৰ বিকাশৰ বাবে এই পদক্ষেপ অত্যন্ত ইতিবাচক হ’ব বুলি তেওঁলোকে মন্তব্য কৰে।
