মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়; ২০১৬ চনৰ নিৰ্বাচনৰ গোচৰত ডি এম কেৰ এম আপ্পাভুক বিজয়ী ঘোষণা

আদালতৰ দীৰ্ঘদিনীয়া বিলম্বৰ বাবে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰি শেহতীয়াভাৱে এক অভূতপূৰ্ব ৰায় প্ৰদান কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। বিগত ১০ বছৰ ধৰি ওলমি থকা এটা নিৰ্বাচনী গোচৰৰ চূড়ান্ত নিষ্পত্তি কৰি ডি এম কেৰ বৰ্তমানৰ অধ্যক্ষ এম আপ্পাভুক ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰকৃত বিজয়ী হিচাপে ঘোষণা কৰে আদালতে। গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ আৰু বিলম্বক লৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জি জয়চন্দ্ৰনে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে।

নিৰ্বাচনী আইন অনুসৰি ছমাহৰ ভিতৰত বিচাৰ সম্পূৰ্ণ কৰাৰ আইনী নিৰ্দেশ থকাৰ পাছতো সুদীৰ্ঘ ১০ বছৰ ধৰি গোচৰটো অমীমাংসিত হৈ থকা কাৰ্যক তীব্ৰ সমালোচনা কৰে আদালতে। ৰায়দানৰ সময়ত ন্যায়াধীশ জি জয়চন্দ্ৰনে উচ্চতম ন্যায়ালয়ৰ ভূমিকা আৰু বিলম্বই গণতন্ত্ৰলৈ আনিব পৰা বিপদৰ বিষয়ে সকীয়াই দি কয়, “উচ্চতম ন্যায়ালয়ে গোচৰটো সুদীৰ্ঘ ১০ বছৰ ধৰি ওলমাই ৰখাৰ পাছতো, কেৱল সময় অতিবাহিত হোৱা আৰু কাৰ্যকাল শেষ হোৱাৰ বাবে ইয়াৰ কোনো উপযোগী উদ্দেশ্য নাই বুলি ভাবি আবেদনৰ ওপৰত সিদ্ধান্ত নোলোৱাকৈ বিষয়টো মুকলি কৰি ৰখাটোকে উপযুক্ত বুলি বিবেচনা কৰিলে। অত্যন্ত সন্মানৰ সৈতে ক’ব বিচাৰো যে, উচ্চতম ন্যায়ালয়ে এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰিলেহেঁতেন, কাৰণ এই আদালতে এক ট্ৰায়েল ক’ৰ্ট হিচাপে ইতিমধ্যে এই সন্দৰ্ভত এক সিদ্ধান্ত প্ৰদান কৰিছিল। ন্যায়ালয়ৰ দ্বাৰা হোৱা এনে বিলম্বই যদি প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আৰু গণতন্ত্ৰৰ মনোভাৱক দুৰ্বল কৰে, তেন্তে মোৰ ভয় হয় যে এই দেশেও আমাৰ সৈতে একেলগে স্বাধীনতা লাভ কৰা আনখন দেশৰ দৰে পৰিণতিৰ দিশে গতি কৰিব পাৰে।”

প্ৰাপ্ত তথ্য অনুসৰি, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তিৰুনেলভেলী জিলাৰ ৰাধাপুৰম সমষ্টিৰ পৰা ডি এম কেৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল এম আপ্পাভুয়ে। সেই নিৰ্বাচনত তেওঁ এ আই এ ডি এম কেৰ আই এছ ইনবাডুৰাইৰ হাতত অতি কম ব্যৱধানত আৰু বিতৰ্কিত পৰিস্থিতিত পৰাজিত হৈছিল। পৰৱৰ্তী সময়ত ২০২১ চনৰ নিৰ্বাচনত আপ্পাভুয়ে ইনবাডুৰাইক পৰাজিত কৰি ৰাজ্যিক বিধানসভাৰ অধ্যক্ষৰ আসন অলংকৃত কৰে আৰু ইনবাডুৰাই এ আই এ ডি এম কেৰ পৰা ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হয়।

উক্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বুধবাৰে ২০১৬-২০২১ বৰ্ষৰ বাবে ইনবাডুৰাইৰ বিপৰীতে এম আপ্পাভুক চৰকাৰী নথিপত্ৰত বিধায়ক হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ বিধানসভাৰ সচিবক নিৰ্দেশ দিয়ে।

সুদীৰ্ঘ ১০ বছৰ ধৰি চলি থকা এই সমগ্ৰ নিৰ্বাচনী বিবাদৰ মূল কাৰণ আছিল চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে প্ৰমাণিত কৰা ডাক বেলটসমূহ নাকচ কৰা। এই সন্দৰ্ভত ২০১৯ চনতে উচ্চ ন্যায়ালয়ে প্ৰধান শিক্ষকসকলক ৰাজপত্ৰিত বিষয়া হিচাপে স্বীকৃতি দি পুনৰ ভোট গণনাৰ নিৰ্দেশ দিছিল যদিও উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন স্থগিতাদেশৰ বাবে সেই সময়ত ফলাফল ঘোষণা কৰিব পৰা হোৱা নাছিল।

উচ্চতম ন্যায়ালয়ৰ কাৰ্যক্ৰমণিকাৰ পাছতো মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কিয় এই ৰায়দান কৰিলে, সেই সন্দৰ্ভত ন্যায়াধীশ জয়চন্দ্ৰনে স্পষ্ট কৰি কয়, “যিয়েই নহওক, এই আদালতৰ এক সাংবিধানিক কৰ্তব্য আছে আৰু যিকোনো মূল্যৰ বিনিময়ত সংবিধানক সুৰক্ষা তথা সংৰক্ষণ কৰাৰ বাবে শপত লৈছে। এই আদালতে কোনো কাৰণতে নিজৰ দায়িত্বৰ পৰা আঁতৰি আহিব নিবিচাৰে। সংক্ষেপে ক’বলৈ গ’লে, এই আদালতে স্পষ্ট সিদ্ধান্ত দিছে যে মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল ৰাজপত্ৰিত বিষয়া হোৱাৰ বাবে তেওঁলোকে প্ৰমাণিত কৰা বেলট পেপাৰসমূহ সম্পূৰ্ণ বৈধ। এই সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল যদিও আপিলত উচ্চতম ন্যায়ালয়ে আমাৰ এই সিদ্ধান্ত খাৰিজ কৰা নাই।”

এই ৰায়ৰ ফলত ইনবাডুৰাইৰ বিধায়ক পদৰ ঘোষণা অবৈধ প্ৰমাণিত হ’লেও ইয়াৰ বাবে তেওঁ ব্যক্তিগতভাৱে দায়ী নহয় বুলি আদালতে স্পষ্ট কৰে। অৱশ্যে তেওঁ লাভ কৰিবলগীয়া সুবিধা সন্দৰ্ভত আদালতে কয়, “ইয়াৰ পৰিণতিত এই নিৰ্বাচনী আবেদন গ্ৰহণ কৰা হৈছে। ইনবাডুৰাইক ভুলকৈ বিজয়ী প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল; গতিকে তেওঁ ইয়াৰ পৰা পোৱা প্ৰাসংগিক সুবিধাসমূহ ত্যাগ কৰিব লাগিব। অৱশ্যে এই অনুচিত ঘোষণাৰ বাবে ইনবাডুৰাইৰ আচৰণ কোনো কাৰণতে দায়ী নহয়, গতিকে এই আদালতে তেওঁক ২০১৬ ৰ পৰা ২০২১ চনলৈ বিধানসভাৰ সদস্য হিচাপে লাভ কৰিবলগীয়া পেন্সনৰ সুবিধাৰ বাহিৰে আন কোনো ক্ষেত্ৰতে অযোগ্য ঘোষণা নকৰে।”

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *