‘‘আছু কৰা প্ৰতিজন সদস্যৰ দুখনকৈ ঘৰ থাকে । এখন নিজৰ পৰিয়াল থকা, আনখন আছুৰ পৰিয়াল । আছুৰ সকলো সদস্য একেখন ঘৰৰেই সদস্য । মাধুৰ্য বৰ্মন হেৰাই যোৱাটো আছুৰ পৰিয়ালৰ সদস্য হেৰাই যোৱা । এজন ছাত্রনেতাক নৃশংসভাৱে হত্যা কৰিছে । আৰক্ষীয়ে তাৎক্ষণিকভাৱে ২৪ ঘণ্টা নৌহওঁতেই হত্যাকাৰীক এনকাউণ্টাৰ কৰিছে । এয়া মাথোঁ এটি সামূহিক সকাহ ।’’ এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্যৰ ৷তেওঁ আৰু কয়, ‘‘আগন্তুক সময়ত পুনৰ যাতে কোনেও নিৰাপত্তাহীনতাত ভুগিব নালাগে, অসমৰ ৰাইজে অতৰ্কিতে সু-নিৰাপত্তা পায়, তেনে ব্যৱস্থা গঢ়ি তুলিব লাগিব । ৰাইজো সজাগ হ’ব লাগিব । ভায়েকে-ভনীয়েক একেলগে ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত অসমত নিৰাপত্তা নিশ্চিত কৰিব লাগিব আৰু অপৰাধীয়ে ভয় খাব পৰা ধৰণৰ আইন প্ৰণয়ন কৰিব লাগিব ।
নলবাৰী কাণ্ডৰ নতুন আপডেট
