পশ্চিম বংগত নতুন ৩৫ গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণ; ৪১ জনলৈ বৃদ্ধি শুভেন্দু অধিকাৰী মন্ত্ৰীসভাৰ শক্তি

এক দীৰ্ঘদিনীয়া ৰাজনৈতিক প্ৰত্যাহ্বানৰ অন্তত অৱশেষত পূৰ্ণাংগ ৰূপ পালে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ নতুন বিজেপি চৰকাৰে। ৰাজ্যখনৰ ৰাজ্যপাল আৰ এন ৰবিয়ে সোমবাৰে লোকভৱনত পুৱা ১১ বজাত আয়োজিত এক ভব্য অনুষ্ঠানত বিজেপিৰ ৩৫ গৰাকী বিধায়কক মন্ত্ৰী হিচাপে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপতগ্ৰহণ কৰোৱায়। যোৱা ৯ মে’ত শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ ঠিক তিনি সপ্তাহৰ পাছতে এই বহুল চৰ্চিত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া সম্পন্ন হয়।

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সোমবাৰৰ এই সম্প্ৰসাৰণৰ পিছতে বংগৰ মন্ত্ৰী পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে। নতুন চৰকাৰখনত অভিজ্ঞ আৰু যুৱ নেতাৰ এক সুন্দৰ মিশ্ৰণ ঘটোৱা হৈছে। এই সন্দৰ্ভত এক চৰকাৰী বিবৃতিত উল্লেখ কৰা অনুসৰি, বংগৰ নতুন মন্ত্ৰীসভাই সমাজৰ সকলো শ্ৰেণীৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰিছে। বিশেষকৈ ব্ৰাহ্মণ, অ’বিচি, আদিবাসী, মাতুৱা আৰু ৰাজবংশী সম্প্ৰদায়ৰ বিধায়কক অন্তৰ্ভুক্ত কৰি এক বিশেষ সামাজিক ভাৰসাম্য ৰক্ষাৰ প্ৰয়াস কৰা হৈছে।

জানিব পৰা মতে, সোমবাৰে শপত লোৱা ৩৫ গৰাকী বিধায়কৰ ভিতৰত ১৩ জনে কেবিনেট মন্ত্ৰী, ৩ জনে ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) আৰু বাকী ১৯ গৰাকীয়ে ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱা কেইগৰাকীমান বিশিষ্ট নেতা হ’ল ক্ৰমে- দীপক বৰ্মন, তাপস ৰায়, ডাঃ শংকৰ ঘোষ, মনোজ কুমাৰ ওৰাওঁ, অৰ্জুন সিং, গৌৰী শংকৰ ঘোষ, স্বপন দাসগুপ্ত, জগন্নাথ চট্টোপাধ্যায়, কল্যাণ চক্ৰৱৰ্তী, অজয় পোদ্দাৰ, সাৰদ্বত মুখাৰ্জী, দুধ কুমাৰ মণ্ডল আৰু অনুপ কুমাৰ দাস।

ইফালে, ডাঃ ইন্দ্ৰনীল খান, মালতী ৰাভা ৰায় আৰু ৰাজেশ মাহাতোৱে ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) হিচাপে শপত লোৱাৰ বিপৰীতে ক্ৰীড়া জগতৰ পৰা ৰাজনীতিলৈ অহা অশোক দিন্দা, পূৰ্ণিমা চক্ৰৱৰ্তী, গাৰ্গী দাস ঘোষ, জোৱেল মুৰ্মু, হৰে কৃষ্ণ বেৰা, আনন্দময় বৰ্মন আৰু নাদিয়াৰ চান্দ বাউৰীসহ ১৯ গৰাকীক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰা হয়।

স্মৰণীয় যে, যোৱা ৯ মে’ত কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড খেলপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰী পদৰ শপত লৈছিল। সেইদিনা দিলীপ ঘোষ, অগ্নিমিত্ৰা পাল, নিশিত প্ৰামানিক, অশোক কীৰ্তনীয়া আৰু ক্ষুদিৰাম টুডুৱেও মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল। সদ্যসমাপ্ত নিৰ্বাচনত ২৯৪ জনীয়া বিধানসভাত বিজেপিয়ে ২০৮ খন আসন দখল কৰি তৃণমূল কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনৰ অন্ত পেলাইছিল। নতুনকৈ সম্প্ৰসাৰিত এই মন্ত্ৰীসভাই বংগৰ উন্নয়নৰ যাত্ৰাক এক নতুন গতি প্ৰদান কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *