ৰাণীৰ সজ্জনপাৰাত বনৰীয়া হাতীয়ে ভাঙিলে কৃষকৰ ধানৰ ভৰাল

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী  বৃহত্তৰ ৰাণী অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ।  আনকি বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগৰ  ৰাণীৰ পাটগাওঁ , সজ্জনপাৰা  আদি  অঞ্চলৰ খেতিপথাৰ সমূহত বছৰ বছৰ ধৰি চলি আহিছে বনৰীয়া হাতীৰ তাণ্ডৱ। বিশেষকৈ বৃহত্তৰ অঞ্চলটোৰ জৱে, পাটগাঁও, সজ্জনপাৰা, ৰাজাপানীচান্দা, আন্ধেৰিজুলি,  মাণিকপুৰ, পুৰাণ শুকুৰবৰীয়া, মাজপাৰা, মাহেন্দ্ৰী, বেলগুৰি, উদয়পুৰ, নালাপাৰা, পুখুৰীপাৰ, চেচা, টাঙ্গনপাৰা, চল্লি, জয়পুৰ, গাৰোপাৰা আদি গাঁৱৰ খেতিপথাৰত অধিক ৰূপত বনৰীয়া হাতীৰ তাণ্ডৱ চলে প্ৰত্যেক বছৰে।

অঞ্চলটোৰ এটি সূলভ দৃশ্য বনৰীয়া হাতী ওলাই আহি খাদ্যৰ সন্ধান কৰা । ২৬ মে’ৰ দিনা নিশাও কেবাগৰাকী কৃষকৰ ঘৰ-দুৱাৰ, তামোল গছ, কঁঠালগছ ভাঙি তহিলং কৰে এটা বন্যহস্তীয়ে। জানিব পৰা মতে যোৱা নিশা প্ৰায় চাৰে আঠ মান বজাত পাটগাওঁ হৈ অহা এটা বন্য হস্তীৰ তাণ্ডবৰ পৰা কেবাজনো কৃষক কথমপি প্ৰাণ ৰক্ষা পৰে যদিও সজ্জনপাৰাৰ আদৰ্শ কৃষক পঙ্কজ বড়োৰ ভৰাল ভাঙি ভৰালৰ ধান খাই তহিলং কৰি গুচি যায়।

বন্যহস্তীৰ উপদ্ৰৱৰ পৰা অঞ্চলটোৰ কৃষকসকলে যাতে ৰক্ষা পৰে তাৰ বাবে বন বিভাগক আহ্বান জনাইছে। জানিব পৰা মতে  ৰজী বৰ্মন নামৰ ৰাণীৰ আঞ্চলিক বন বিষয়া বিষয়া গৰাকীয়ে মহিলা হৈও সীমিত সংখ্যক বনকৰ্মীক লগত লৈ হাতীৰ তাণ্ডৱৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ চেষ্টা চলাই আহিছে যদিও একে সময়তে একাধিক অঞ্চলত হাতীৰ তাণ্ডৱ আৰম্ভ হোৱা বাবে হাতীৰ উপদ্ৰৱ ৰধ কৰাৰ ক্ষেত্ৰত সফল হব পৰা নাই।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *