হাবিৰ মাজত হঠাতে জঁপিয়াই পৰা তিনিটাকৈ হিংস্ৰ ভালুকৰ মুখৰ পৰা নিজৰ জন্মদাত্ৰী মাকক উদ্ধাৰ কৰিবলৈ ঢাল স্বৰূপ হৈ থিয় দিলে এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে। নিজৰ দেহ ক্ষত-বিক্ষত হোৱাৰ পিছতো কেৱল মাতৃৰ প্ৰাণ ৰক্ষাৰ বাবে বন্য জন্তুৰ সৈতে সাহসেৰে যুঁজি গ’ল সাহসী জীয়ৰীগৰাকীয়ে। মধ্যপ্ৰদেশৰ পন্না জিলাৰ দেৱেন্দ্ৰনগৰ বন সংমণ্ডলৰ অন্তৰ্গত ডুংগৰা পাহাৰৰ জংঘলত শেহতীয়াকৈ সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। ভালুকৰ নখ-দাঁতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মাতৃ-পুত্ৰী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
বন বিভাগ আৰু চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, হাটুপুৰ গাঁৱৰ বাসিন্দা বিন্দা ৰায় নামৰ মহিলাগৰাকীয়ে নিজৰ ১৯ বছৰীয়া জীয়ৰী ইশা ৰায় আৰু আন কেইগৰাকীমান মহিলাৰ সৈতে জংঘললৈ কেন্দ্ৰীয় অংশত থকা কেন্দু পাত তুলিবলৈ গৈছিল। সকলোৱে কামত ব্যস্ত থকাৰ সময়তে জোপোহাৰ আঁৰত লুকাই থকা তিনিটাকৈ বনৰীয়া ভালুকে হঠাতে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায়। ভালুককেইটাই প্ৰথমে বিন্দা ৰায়ৰ ওপৰত জাঁপ মাৰি পৰি তেওঁক মাটিত বগৰাই লৈ চিৰাচিৰ কৰিবলৈ আৰম্ভ কৰে।
মাতৃৰ এই বিপৰ্যয় দেখি জংঘলৰ মাজত থকা আন মহিলাসকল আতংকিত হৈ চিঞৰ-বাখৰ কৰিবলৈ ধৰে যদিও জীয়ৰী ইশা ৰায়ে ভয় কৰাৰ সলনি এক অসীম সাহস প্ৰদৰ্শন কৰে। নিজৰ জীৱনলৈ অহা বিপদক নেওচি তেওঁ পোনচাটেই হিংস্ৰ ভালুককেইটাৰ সৈতে মুখামুখি সংগ্ৰামত লিপ্ত হয়। এই ভয়ংকৰ যুঁজখনৰ মাজতে জন্তুকেইটাই ইশাকো আক্ৰমণ কৰি শৰীৰৰ বিভিন্ন অংশ কামুৰি ফালি পেলায়। কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো তেওঁ অলপো পিছহুহকি নগৈ মাকক ভালুকৰ কবলৰ পৰা আঁতৰাই ৰাখিবলৈ অহৰহ চেষ্টা চলাই যায়।
এই ঘটনাৰ মাজতে তাত উপস্থিত থকা ইশাৰ মাহীয়েক পূৰ্ণিমাও মাক-জীয়েকৰ সহায়ৰ বাবে আগবাঢ়ি আহে। তেওঁ ওচৰতে থকা ডাঙৰ শিল বুটলি লৈ ভালুককেইটালৈ লক্ষ্য কৰি দলিয়াবলৈ ধৰে আৰু জোৰে জোৰে চিঞৰিবলৈ আৰম্ভ কৰে। মহিলা কেইগৰাকীৰ এনে অভূতপূৰ্ব আৰু সন্মিলিত প্ৰতিৰোধৰ বাবেই অৱশেষত ভালুককেইটা ঘূৰি জংঘলৰ গভীৰ অৰণ্যৰ পিনে পলাই যাবলৈ বাধ্য হয়। পাছত ওচৰৰে গাঁৱৰ মানুহ আহি জংঘলৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।
ইফালে, ঘটনাৰ লগে লগে খবৰ দিয়াৰ পিছতো জৰুৰীকালীন ১০৮ এম্বুলেন্স সেৱা সময়মতে উপস্থিত নোহোৱাৰ গুৰুতৰ অভিযোগ তুলিছে গাঁৱৰ ৰাইজে। আহত মহিলা দুগৰাকীয়ে ছটফটাই থকাৰ পিছতো কোনো চৰকাৰী বাহন নহাত অৱশেষত পৰিয়ালৰ লোকে এখন ব্যক্তিগত অ’ট’ৰ ব্যৱস্থা কৰি দুয়োকে জিলা হাস্পতাললৈ লৈ যায়। বৰ্তমান হাস্পতালত দুয়োগৰাকীৰে চিকিৎসা চলাই থকা হৈছে। আনহাতে এই ঘটনাই সমগ্ৰ অঞ্চলটোতে এক তীব্র চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে। বন বিভাগৰ অমনোযোগিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি এতিয়া স্থানীয় ৰাইজে বনাঞ্চলৰ সমীপৱৰ্তী এলেকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ দাবী জনাইছে।
