অসম বিধানসভাত অভিন্ন দেৱানী বিধি বিধেয়ক গৃহীত হোৱাৰ পাছতে দেশজুৰি সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। অসম চৰকাৰৰ এই পদক্ষেপক পূৰ্ণ সমৰ্থন কৰি বিধেয়কখনক উষ্ম আদৰণি জনায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নেতা নিতিন নবীনে। সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এটা বাৰ্তাত তেওঁ এই সিদ্ধান্তক ঐতিহাসিক আখ্যা দি কয় যে দেশত সমান অধিকাৰ আৰু এক সুস্থিৰ দেৱানী ব্যৱস্থা নিশ্চিত কৰাৰ দিশত ই এক গুৰুত্বপূৰ্ণ খোজ। দলৰ নীতি সদায় সকলোৰে বাবে ন্যায় আৰু কাকো তোষামোদ নকৰা আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
ধৰ্ম নিৰপেক্ষভাৱে বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰী আৰু লিভ-ইন সম্পৰ্ক পৰিচালনাৰ বাবে এক উমৈহতীয়া আইনী নিয়ম প্ৰস্তুত কৰাই হৈছে এই নতুন আইনখনৰ মূল লক্ষ্য। বিৰোধী দলসমূহে বিধেয়কখন অধিক পৰীক্ষা-নিৰীক্ষাৰ বাবে বাছনি সমিতিলৈ প্ৰেৰণ কৰাৰ দাবী জনাইছিল যদিও তাৰ মাজতে বুধবাৰে সদনে ইয়াক সন্মতি প্ৰদান কৰে। এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত অভিন্ন দেৱানী বিধি আইন কাৰ্য্যকৰী কৰা অসম দেশৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হয়। এই সফলতাৰ বাবে নিতিন নবীনে অসম চৰকাৰক অভিনন্দন জনায় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক ইয়াৰ বাবে প্ৰশংসা কৰে।
উত্তৰাখণ্ড আৰু গুজৰাটৰ পথ অনুসৰণ কৰি অসমেও অভিন্ন দেৱানী বিধি ৰূপায়ণ কৰাৰ জৰিয়তে সামাজিক সম্প্ৰীতি আৰু সকলো নাগৰিকৰ বাবে সমান ন্যায় সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰমাণ কৰা বুলি তেওঁ উল্লেখ কৰে। এনে সিদ্ধান্তই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ সপোনক অধিক শক্তিশালী কৰিব বুলিও তেওঁ মন্তব্য কৰে।
