মণিপুৰ আৰক্ষীৰ নেতৃত্বত ডাঙৰ সিদ্ধান্ত, বহিঃৰাজ্যৰ কেডাৰৰ ডি জি পি নিযুক্তিত অনুমতি

গোষ্ঠীগত সংঘৰ্ষ জৰ্জৰ মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ৰাজ্যখনৰ বাহিৰৰ কেডাৰৰ কোনো আই পি এছ বিষয়াক আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) হিচাপে নিযুক্তি দিয়াৰ বাবে সোমবাৰে অনুমতি প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চালীক লৈ গঠিত এখন সংমণ্ডল বিচাৰপীঠে মণিপুৰ চৰকাৰৰ এই আবেদন মঞ্জুৰ কৰে। উল্লেখ্য যে, ত্ৰিপুৰা কেডাৰৰ আই পি এছ বিষয়া তথা মণিপুৰৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙৰ কাৰ্যকাল অহা ৩১ মে’ত সমাপ্ত হ’ব।

ৰাজ্যখনৰ বৰ্তমানৰ বিশেষ পৰিস্থিতি আৰু আইন-শৃংখলাজনিত প্ৰত্যাহ্বানৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক অৱগত কৰে যে মণিপুৰ কেডাৰৰ যোগ্য বিষয়াসকলৰ মাজত এই গুৰুত্বপূৰ্ণ পদটোৰ বাবে কোনো উপযুক্ত প্ৰাৰ্থী বিচাৰি পোৱা হোৱা নাই। আনহাতে অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীয়ে সদৰি কৰা মতে, বৰ্তমানৰ আৰক্ষী মুৰব্বীগৰাকীৰ অৱসৰৰ দিন চমু চাপি অহাৰ বাবে নতুন নিযুক্তিৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাটো অত্যন্ত জৰুৰী আছিল।

দীৰ্ঘদিনীয়া গোষ্ঠীগত সংঘাত আৰু খেলিমেলিৰ সৈতে যুঁজি থকা মণিপুৰ চৰকাৰে আৰক্ষী প্ৰশাসনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বিশেষ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ আৰু প্ৰশাসনৰ ওপৰত সৰ্বসাধাৰণৰ আস্থা ঘূৰাই আনিবলৈ এতিয়া নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তিৰ পথ প্ৰশস্ত হ’ল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *