অসম বিধানসভাৰ চলিত বিশেষ অধিৱেশনত বহু চৰ্চিত অভিন্ন দেৱানী বিধি চমুকৈ ইউচিচি বিধেয়ক উত্থাপন কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সোমবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ ‘অসম অভিন্ন দেৱানী বিধি বিধেয়ক, ২০২৬’ সদনৰ মজিয়াত দাখিল কৰাৰ পিছৰে পৰা শাসক আৰু বিৰোধী পক্ষৰ মাজত এক উত্তপ্ত বিতৰ্কৰ সূচনা হয়। বহুবিবাহ নিষিদ্ধকৰণ, বিবাহৰ নূন্যতম বয়স স্থিৰ কৰা, লিভ-ইন সম্পৰ্ক নিয়ন্ত্ৰণ আৰু মহিলাক সম্পত্তিৰ সমান অধিকাৰ প্ৰদানৰ লক্ষ্যৰে অনা এই বিধেয়কখনৰ পৰা ৰাজ্যৰ পাহাৰীয়া আৰু ভৈয়ামৰ সকলো থলুৱা জনজাতীয় লোককে আওতাৰ বাহিৰত ৰখা হৈছে।
চৰকাৰৰ এই পদক্ষেপক তীব্ৰ সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে কয়, “এই বিধেয়কখন কেৱল ভাৰতীয় জনতা পাৰ্টীৰ এক ৰাজনৈতিক কাৰ্যসূচীহে। সদনত উত্থাপন কৰাৰ পূৰ্বে চৰকাৰে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ সৈতে কোনো আলোচনা নকৰিলে আৰু ইয়াৰ পৰা অসমৰ জনসাধাৰণৰ কি লাভ হ’ব, সেই লৈও মোৰ মনত সন্দেহ আছে।” ইয়াৰোপৰি ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা ইন্ধনৰ মূল্যক লৈও তেওঁ চৰকাৰক সমালোচনা কৰে।
একেদৰে কংগ্ৰেছ বিধায়ক এ কে ৰছিদ আলমেও বিধেয়কখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “বিধেয়কখনৰ লাভ-লোকচানসমূহ স্পষ্ট হ’বলৈ ইয়াৰ প্ৰতিটো দফা সূক্ষ্মভাৱে পৰীক্ষা কৰাৰ প্ৰয়োজন আছে।” ইন্ধনৰ বৰ্ধিত মূল্যই সাধাৰণ ৰাইজৰ সহনশীলতাৰ সীমা অতিক্ৰম কৰিব বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে।
আনহাতে, বিৰোধীৰ এই স্থিতিৰ সম্পূৰ্ণ বিপৰীতে থিয় দি বিজেপি বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে চৰকাৰী পদক্ষেপক তীব্ৰ সমৰ্থন জনায়। তেওঁ কয়, “চলতি অধিবেশনতে এই বিধেয়কখন সদনত গৃহীত হোৱাটো প্ৰয়োজন আৰু কোনো ধৰণৰ পলম নকৰাকৈ ইয়াক সমগ্ৰ ৰাজ্যতে বলৱৎ কৰিব লাগে।”
অহা ২৭ মে’ত এই গুৰুত্বপূৰ্ণ বিধেয়কখনৰ ওপৰত সদনত বিতং আলোচনা আৰু ইয়াৰ গৃহীতকৰণৰ প্ৰক্ৰিয়া হাতত লোৱা হ’ব। উল্লেখ্য যে, উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত এই বিধেয়কখন আইনত পৰিণত হ’লে অভিন্ন দেৱানী বিধি বলৱৎ কৰা অসম হ’ব দেশৰ তৃতীয়খন ৰাজ্য।
