আন্তৰ্জাতিক সীমান্তত চোৰাংচোৱাগিৰি, অনুপ্ৰৱেশ আৰু চোৰাং কাৰবাৰ ৰোধ কৰাৰ উদ্দেশ্যে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে পশ্চিমবংগ চৰকাৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ভাৰত-বাংলাদেশ সীমান্তৰ ২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভূমি সীমান্ত সুৰক্ষা বাহিনীক কাঁটাতঁৰৰ বেৰা আৰু সুৰক্ষা আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে। নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত মোহৰ মৰা হয়।
মুখ্যমন্ত্ৰী অধিকাৰীয়ে এক বৈঠকত অংশগ্ৰহণ কৰি স্পষ্ট কৰি দিয়ে যে এয়া কেৱল এক বৃহৎ প্ৰক্ৰিয়াৰ আৰম্ভণিহে। অহা দুসপ্তাহৰ ভিতৰত এই ২৭ কিলোমিটাৰ ভূমি সম্পূৰ্ণৰূপে বি এছ এফক চমজাই দিয়া হ’ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই ২৭ কিলোমিটাৰ ভূমিৰ ভিতৰত ১৮ কিলোমিটাৰ এলেকা সীমান্তত কাঁটাতঁৰৰ বেৰ দিবলৈ ব্যৱহাৰ কৰা হ’ব। বাকী থকা ৯ কিলোমিটাৰ ভূমিত বি এছ এফৰ কেম্প, আউটপোষ্ট আৰু অন্যান্য সুৰক্ষাজনিত আন্তঃগাঁথনি গঢ়ি তোলা হ’ব। এই সমগ্ৰ প্ৰকল্পৰ যাৱতীয় খৰচ বহন কৰিব কেন্দ্ৰীয় চৰকাৰ আৰু বি এছ এফে।
ৰাজ্যখনত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক কঠোৰ নীতি ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সীমান্ত সুৰক্ষাক লৈ কোনো আপোচ কৰা নহ’ব।
মন কৰিবলগীয়া যে, পশ্চিমবংগৰ ২২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তৰ্জাতিক সীমান্তৰ প্ৰায় ১৬০০ কিলোমিটাৰ ইতিমধ্যে কাঁটাতঁৰৰ বেৰাৰে সুৰক্ষিত কৰা হৈছে। কিন্তু দীৰ্ঘদিন ধৰি ভূমি অধিগ্ৰহণৰ জটিলতাৰ বাবে প্ৰায় ৬০০ কিলোমিটাৰ সীমান্ত মুকলি হৈ আছিল। বৰ্তমান চৰকাৰে অহা ৪৫ দিনৰ ভিতৰত এই ভূমি হস্তান্তৰৰ কাম সম্পূৰ্ণ কৰি মুকলি সীমান্তসমূহ ছীল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। চৰকাৰৰ এই তৎপৰতাই সীমান্তৱৰ্তী জিলাসমূহৰ লগতে দেশৰ নিৰাপত্তা ব্যৱস্থালৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।
