আজিৰে পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন গুৰুত্বপূৰ্ণ অধিৱেশন। ৰাজ্যত এনডিএ মিত্ৰজোঁটে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰা আৰু ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এয়া প্ৰথমখন সদনৰ বৈঠক।
অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাৰ সদস্যসকলে বিধায়ক হিচাপে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰিব। প্ৰ’টেম অধ্যক্ষ চন্দ্ৰ মোহন পাটোৱাৰীয়ে নৱ-নিৰ্বাচিত বিধায়কসকলক এই শপতগ্ৰহণ কৰাব। ইয়াৰ উপৰি প্ৰথম দিনাই বিধানসভাৰ স্থায়ী অধ্যক্ষও নিৰ্বাচন কৰা হ’ব। মিত্ৰজোঁটৰ তৰফৰ পৰা ইতিমধ্যে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নাম অধ্যক্ষ পদৰ বাবে মনোনীত কৰা হৈছে।
আনহাতে, ২২ মে’ শুকুৰবাৰে সদনত আনুষ্ঠানিক ভাষণ প্ৰদান কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰা বহু চৰ্চিত অভিন্ন দেৱানী বিধি চমুকৈ ইউচিচি বিলখনো এইখন অধিৱেশনতে উত্থাপন কৰা হ’ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।
যোৱা ৪ মে’ত ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি ১২৬ খন আসনৰ ভিতৰত ১০২ খন আসনেই এনডিএৰ দখললৈ যোৱাৰ বাবে সদনত যিকোনো নতুন বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত শাসক পক্ষই বিশেষ অসুবিধাৰ সন্মুখীন নহ’ব। বিপৰীতে কংগ্ৰেছে ১৯ খন, ৰাইজৰ দলে ২ খন, এআইইউডিএফে ২ খন আৰু তৃণমূল কংগ্ৰেছে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।
ইফালে, সংশোধিত নিয়ম অনুসৰি বিধানসভাত বিৰোধী দলৰ মৰ্যাদা অক্ষুণ্ণ থাকিব কংগ্ৰেছৰ। পূৰ্বৰ নিয়ম অনুসৰি বিৰোধী দলপতি পদৰ বাবে নূন্যতম ২১ খন আসনৰ প্ৰয়োজন আছিল যদিও নতুন নিয়ম মতে ১৩ গৰাকী বিধায়ক থকা দলেই এই সুযোগ লাভ কৰিব। ১৯ গৰাকী বিধায়ক থকা কংগ্ৰেছে এই সংশোধিত নিয়মৰ বাবেই সদনত বিৰোধী দলপতি নিৰ্বাচন কৰাৰ চৰকাৰী মৰ্যাদা লাভ কৰিব।
