সমগ্ৰ উত্তৰ ভাৰতজুৰি অব্যাহত থকা ভয়াৱহ গ্ৰীষ্মপ্ৰবাহে এতিয়া বিপৰ্যস্ত কৰি তুলিছে সাধাৰণ জনজীৱন। প্ৰচণ্ড গৰমৰ এই সংকটপূৰ্ণ প্ৰেক্ষাপটৰ মাজতে দেশৰ ৰাজধানী দিল্লীত বৃহস্পতিবাৰে তীব্ৰ গ্ৰীষ্মপ্ৰবাহে সাধাৰণ জনজীৱন ব্যাহত কৰি তোলে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজি পুৱা চহৰখনৰ সৰ্বনিম্ন উষ্ণতা স্বাভাৱিকতকৈ ৫.২ ডিগ্ৰী অধিক হৈ ৩১.৯ ডিগ্ৰী চেলচিয়াছত স্থিত হয়। সমগ্ৰ দিনটো অঞ্চলটোত তীব্ৰ হিটৱেভ বলাৰ আশংকাই দেখা দিয়াৰ লগতে সৰ্বোচ্চ উষ্ণতা ৪৬ ডিগ্ৰী চেলচিয়াছত উপনীত হ’ব বুলি সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।
উত্তৰ ভাৰতৰ সামগ্ৰিক গ্ৰীষ্মপ্ৰবাহৰ প্ৰসংগ উল্লেখ কৰি বতৰ বিজ্ঞান বিভাগে এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰে। সমগ্ৰ উত্তৰ ভাৰত বৰ্তমান ভয়াৱহ গ্ৰীষ্মপ্ৰবাহৰ কবলত পৰা বুলি উল্লেখ কৰি বতৰ বিজ্ঞানীসকলে কয় যে বুধবাৰে উত্তৰ প্ৰদেশৰ বান্দা জিলাত দেশৰ সৰ্বোচ্চ উষ্ণতা ৪৮ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে দিল্লীৰ ৰিজ বেছ ষ্টেচনত সৰ্বোচ্চ উষ্ণতা ৪৫.৮ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পায়, যাৰ ফলত এই স্থান ৰাজধানী অঞ্চলৰ আটাইতকৈ উত্তপ্ত অঞ্চল হিচাপে পৰিগণিত হৈছে।
আনহাতে, এই অসহ্যকৰ গৰমৰ বাবে দেশজুৰি বিদ্যুতৰ চাহিদাও আকাশলংঘী হৈ পৰিছে। কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি এয়াৰ কণ্ডিচনাৰ আৰু কুলাৰৰ সঘনাই ব্যৱহাৰ হোৱাৰ বাবে বুধবাৰে বিয়লি ৩:৪৫ বজাত ভাৰতৰ সৰ্বোচ্চ বিদ্যুতৰ চাহিদা ২৬৫.৪৪ গিগাবাটলৈ বৃদ্ধি পাই এক নতুন অভিলেখ সৃষ্টি কৰে। ধাৰাবাহিকভাৱে তৃতীয় দিনৰ বাবে দেশত বিদ্যুতৰ ব্যৱহাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰা বুলি স্পষ্ট কৰে শক্তি মন্ত্ৰালয়ে।
ইফালে, চহৰখনৰ বায়ুৰ গুণাগুণ সূচকাংক সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন দাঙি ধৰিছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে। বৃহস্পতিবাৰে পুৱা ৯ বজাত দিল্লীৰ এ কিউ আই ১৫৩ ৰেকৰ্ড কৰাৰ লগতে বায়ুৰ মানদণ্ড ‘মধ্যমীয়া’ শ্ৰেণীত থকা বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে।
