বিত্তীয় অনুশাসন ৰক্ষাৰ বাবে চৰকাৰৰ কঠোৰ পদক্ষেপ; চৰকাৰী বাহনৰ ইন্ধন আৰু কনভয় কৰ্তনৰ লগতে বিদেশ ভ্ৰমণত নিষেধাজ্ঞা

পশ্চিম এছিয়াৰ চলিত সংকটৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিত্তীয় স্থিতি সুদৃঢ় কৰি ৰাখিবলৈ অসম চৰকাৰে কেইবাটাও কঠোৰ মিতব্যয়ী পদক্ষেপ ঘোষণা কৰিছে। চৰকাৰে চৰকাৰী কাৰ্যত ব্যৱহৃত ইন্ধনৰ খৰচ ২০ শতাংশ কৰ্তন কৰাৰ লগতে চৰকাৰী বাহনৰ কনভয়ো হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। বিত্তীয় আয়ুক্ত তথা সচিব জয়ন্ত নৰ্লীকৰে বুধবাৰে জাৰি কৰা এটা চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা মতে, চলিত বিত্তীয় বৰ্ষত সকলো চৰকাৰী বিভাগ আৰু জিলা প্ৰশাসনক তেওঁলোকৰ নিয়মীয়া আৰু প্ৰশাসনিক ব্যয় ১০ শতাংশ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অৱশ্যে এই কৰ্তনে কৰ্মচাৰীৰ দৰমহা, পেঞ্চন, ঋণ পৰিশোধ আৰু কিছুমান নিৰ্দিষ্ট অপৰিহাৰ্য ব্যয়ত কোনো প্ৰভাৱ নেপেলায় বুলি স্পষ্ট কৰি দিয়া হৈছে।

পশ্চিম এছিয়াৰ সংকটৰ বাবে সৃষ্টি হোৱা ৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অপ্ৰয়োজনীয় ব্যয় ৰোধ কৰিবলৈ চৰকাৰী কামত ব্যৱহৃত পেট্ৰ’ল, ডিজেল আৰু লুব্ৰিকেণ্টৰ নামত হোৱা খৰচ ২০ শতাংশ কৰ্তন কৰা হৈছে। এই নতুন নীতিৰ অংশ হিচাপে চৰকাৰী বিভাগসমূহক বৈদ্যুতিক বাহন ব্যৱহাৰত অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে।

ইয়াৰ উপৰি বিষয়া-কৰ্মচাৰীসকলক ৰাজহুৱা পৰিবহণ, অংশীদাৰী বাহন আৰু বৈদ্যুতিক গতিশীলতাৰ বিকল্পসমূহ বাছি ল’বলৈ উৎসাহিত কৰা হৈছে। ৰাজ্যজুৰি বৈদ্যুতিক বাহনৰ প্ৰসাৰ আৰু চাৰ্জিং ষ্টেচন বৃদ্ধিৰ বাবে পৰিবহণ বিভাগক এক সুকীয়া উদগনিমূলক আঁচনি প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

চৰকাৰী নিৰ্দেশনা অনুসৰি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগক অহা ১২ মাহৰ ভিতৰত পৌৰসভাৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাক জীৱাশ্ম ইন্ধনৰ বিকল্পলৈ স্থানান্তৰ কৰিবলৈ কোৱা হৈছে। গুৱাহাটী পৌৰ নিগমক পৰ্যায়ক্ৰমে সম্পূৰ্ণ সেউজ বা পৰিৱেশ-অনুকূল ৰাজহুৱা পৰিবহণ ব্যৱস্থা আঁকোৱালি ল’বলৈ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ লগতে চৰকাৰে ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু শক্তি সংৰক্ষণৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিভাগসমূহক নিয়মীয়াকৈ এনাৰ্জি অডিট কৰিবলৈ কোৱা হৈছে আৰু পৌৰ সংস্থাসমূহক ষ্ট্ৰীট লাইটৰ অপব্যয় আদিকে ধৰি অতিৰিক্ত বিদ্যুৎ ব্যৱহাৰ ৰোধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে আইন-শৃংখলাজনিত জৰুৰী পৰিস্থিতিৰ ক্ষেত্ৰত চৰকাৰৰ আগতীয়া অনুমতি ল’ব লাগিব আৰু গৃহ বিভাগে এই সন্দৰ্ভত বিতং নিৰ্দেশনা জাৰি কৰিব।

অন্য এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, মন্ত্ৰী আৰু চৰকাৰী বিষয়াসকলৰ বিদেশ ভ্ৰমণ অহা ৬ মাহৰ বাবে স্থগিত ৰখা হৈছে। কেৱল ৰাষ্ট্ৰীয় স্বাৰ্থ, শিক্ষা, চিকিৎসা জৰুৰীকালীন অৱস্থা বা বিদেশত থকা পৰিয়ালৰ নিকট আত্মীয়ক সাক্ষাৎ কৰাৰ দৰে বিশেষ ক্ষেত্ৰতহে ইয়াৰ ৰেহাই দিয়া হ’ব, কিন্তু তাৰ বাবেও মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমোদনৰ প্ৰয়োজন হ’ব। স্বচ্ছতা আৰু সঠিক হিচাপ-নিকাচ নিশ্চিত কৰিবলৈ এতিয়াৰে পৰা সকলো ৰাজহ সম্পৰ্কীয় লেনদেন কেৱল ‘ই-গ্ৰাছ’ অনলাইন ব্যৱস্থাৰ জৰিয়তে কৰাটো বাধ্যতামূলক কৰা হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *