দেশলৈ এক ভয়াবহ অৰ্থনৈতিক ধুমুহা আহি আছেঃ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি সতৰ্কবাণী ৰাহুল গান্ধীৰ

অনাগত সময়ত সমগ্ৰ দেশলৈ নামিব ভয়ংকৰ অৰ্থনৈতিক ধুমুহা। উত্তৰ প্ৰদেশৰ নিজা সংসদীয় সমষ্টি ৰায়বৰেলী ভ্ৰমণৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ এই সতৰ্কবাণী প্ৰদান কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দেশখন বৰ্তমান এক ভয়াবহ অৰ্থনৈতিক সংকটৰ দিশে গতি কৰিছে বুলি সতৰ্ক কৰি দি তেওঁ বিজেপি চৰকাৰৰ নীতিসমূহক তীব্ৰ সমালোচনা কৰে। বৰ্তমানৰ এই অৰ্থনৈতিক ব্যৱস্থাই কেৱল একাংশ পুঁজিপতি আৰু কৰ্প’ৰেট গোষ্ঠীকহে লাভান্বিত কৰা বুলিও তেওঁ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে।

দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱা ক্ষোভ উজাৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ কয়, “ভাৰতবৰ্ষ এক ডাঙৰ অৰ্থনৈতিক ধুমুহাৰ দিশে আগবাঢ়িছে, যাৰ কু-প্ৰভাৱ আমাৰ যুৱ প্ৰজন্ম, কৃষক, শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত বাৰুকৈয়ে পৰিব। বৰ্তমানৰ অৰ্থনৈতিক গাঁথনিয়ে কেৱল মুষ্টিমেয় একাংশ কৰ্প’ৰেট গোষ্ঠীকহে চহকী কৰিছে, আনহাতে সাধাৰণ নাগৰিকে মূল্যবৃদ্ধি আৰু ইন্ধনৰ ক্ৰমবৰ্ধমান দামৰ বোজা ভুগিবলগীয়া হৈছে।”

অনাগত দিনত জনসাধাৰণে অত্যন্ত কঠিন সময়ৰ সন্মুখীন হ’ব লাগিব বুলি দাবী কৰে ৰাহুল গান্ধীয়ে। দেশখনক এই আসন্ন অৰ্থনৈতিক দুৰ্দশাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ জনসাধাৰণক চৰকাৰ সলনি কৰাৰ আহ্বান জনায়। অন্যথা দেশৰ সাধাৰণ জনতা অধিক গভীৰ সংকটৰ গ্ৰাসত পৰিব বুলি এক কঠোৰ সতৰ্কবাণী জাৰি কৰে বিৰোধী নেতাগৰাকীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *