উত্তৰাখণ্ডত ইতিহাসপ্ৰসিদ্ধ তীৰ্থনগৰী ঋষিকেশৰ সমীপত সোমবাৰে নিশা ৰে’লপথৰ পৰা চিটিকি পৰিল উজ্জ্বয়িনী এক্সপ্ৰেছৰ ৩টাকৈ ডবা। খাণ্ড গাঁও অঞ্চলৰ যোগ নগৰী ৰে’ল ষ্টেচনৰ ওচৰত নিশা প্ৰায় ৯:৪০ বজাত ৰে’লখন ইয়াৰ ইয়াৰ্ডলৈ লৈ যোৱাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। সৌভাগ্যবশতঃ সেই সময়ত ৰে’লখনৰ ভিতৰত কোনো যাত্ৰী থকা নাছিল, যাৰ বাবে এক ডাঙৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে।
ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ইন্দোৰৰ লক্ষ্মীবাই নগৰ আৰু যোগ নগৰী ঋষিকেশৰ মাজত চলাচল কৰা ৰে’লখন ছণ্টিং লাইনৰ শেষ প্ৰান্তত থকা বাফাৰৰ সৈতে পোনপটীয়াকৈ সংঘৰ্ষত লিপ্ত হয়। এই তীব্ৰ খুন্দাৰ ফলত ডবাসমূহৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি হোৱাত এটা ডবা সম্পূৰ্ণৰূপে চিটিকি পৰে আৰু আন এটা ডবা মাজভাগত দুচকল হৈ পৰে।
ঘটনাৰ ফলত ৰে’লখনৰ ৩টাকৈ ডবা বিস্তৰ ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে। দুৰ্ঘটনাৰ পাছতে ৰে’ল কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে লাইন মুকলি কৰাৰ কাম হাতত লৈছে। কাৰিকৰী ত্ৰুটি নে চালকৰ গাফিলতিৰ বাবেই ৰে’লখনে বাফাৰত খুন্দা মাৰিলে, তাক নিশ্চিত কৰিবলৈ ৰে’ল প্ৰশাসনে ইতিমধ্যে এক উচ্চস্তৰীয় তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
