সন্ত্ৰাসবাদীক আশ্ৰয় দি ভাৰতৰ বিৰুদ্ধে অভিসন্ধি ৰচিলে ইতিহাসত পৰিণত হ’ব পাকিস্তান। শনিবাৰে ইছলামাবাদক এই কঠোৰ সকীয়নি প্ৰদান কৰে ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে। নতুন দিল্লীৰ মানেকশ্ব’ চেন্টাৰত আয়োজিত ‘সেনা সংবাদ’ অনুষ্ঠানত অংশ লৈ তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতক লক্ষ্য কৰা কাৰ্য বন্ধ নকৰিলে পাকিস্তানে পৰৱৰ্তী সময়ত ভূগোলৰ অংশ হৈ থাকিব নে ইতিহাসত পৰিণত হ’ব, তাক নিজাকৈ সিদ্ধান্ত ল’বলগীয়া হ’ব। বিগত বৰ্ষৰ ‘অপাৰেচন সেন্দূৰ’ৰ পাছত প্ৰতিবেশী দেশখনৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ এয়া আটাইতকৈ তীক্ষ্ণ আৰু পোনপটীয়া হুংকাৰ হিচাপে বিবেচিত হৈছে।
সামৰিক অনুষ্ঠানটোত ভাষণ দি জেনেৰেল দ্বিবেদীয়ে কয়, “যদি পাকিস্তানে ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীক আশ্ৰয় দি ভাৰতৰ বিৰুদ্ধে অভিযান চলাই থাকে, তেন্তে তেওঁলোকে নিজেই ভাবি লওক যে তেওঁলোক ভূগোলৰ অংশ হৈ থাকিব বিচাৰে নে ইতিহাসৰ।” পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত চলোৱা ‘অপাৰেচন সেন্দূৰ’ৰ প্ৰথম বাৰ্ষিকীৰ ঠিক এসপ্তাহৰ পাছতে সেনা প্ৰধানগৰাকীৰ এই বিস্ফোৰক মন্তব্য প্ৰকাশ পাইছে। উক্ত সামৰিক অভিযানৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানৰ অভ্যন্তৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পূৰ্বে ছাৰ ক্ৰীক অঞ্চলক লৈ দিয়া এক বিবৃতিকো জ্যেষ্ঠ সেনা বিষয়াগৰাকীয়ে নিজৰ ভাষণত দোহাৰে। যোৱা বছৰ ৰাজনাথ সিঙেও উল্লেখ কৰিছিল যে গুজৰাটৰ কচ্ছ ৰণৰ সমীপত থকা ৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সামৰিক ক্ষেত্ৰখনত পাকিস্তানে কোনো ধৰণৰ অনুপ্ৰৱেশৰ দুঃসাহস কৰিলে ভাৰতে ইয়াৰ ইতিহাস আৰু ভূগোল দুয়োটা সলনি কৰি দিব।
ইফালে, সেনা প্ৰধানৰ এই আক্ৰমণাত্মক স্থিতিৰ বিপৰীতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই পাকিস্তানৰ সৈতে আলোচনা প্ৰক্ৰিয়া অব্যাহত ৰখাৰ পোষকতা কৰা কাৰ্যই এতিয়া দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সংগঠনটোৰ এই স্থিতিৰ পাছতে এতিয়া শাসক-বিৰোধীৰ মাজত বাকযুদ্ধ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।
