জনতাৰ মূৰত পুনৰ মাধমাৰ

প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ মধ্য প্ৰাচ্যৰ সংঘাতৰ ফলত তেল কোম্পানীসমূহ লোকচানৰ মাজেৰে গতি কৰিছে ৷ সমগ্ৰ বিশ্বতে শক্তিৰ মূল্য বৃদ্ধিৰ ফলশ্ৰুতিত ইয়াৰ চাপ গ্ৰাহকৰ ওপৰতো আংশিকভাৱে পেলাবলৈ বাধ্য হৈছে তেল কোম্পানীসমূহ ৷পেট্ৰ’ল-ডিজেলৰ খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত এই নতুন নিৰীখ ১৫ মে’ৰ পৰা কাৰ্যকৰী হ’ব ৷ জানি লওক আপোনাৰ চহৰত পেট্ৰ’ল-ডিজেলৰ দাম কিমান ৷ৰাজধানী দিল্লীত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৭.৭৭ টকা হ’ব ৷ পেট্ৰ’লৰ দাম পূৰ্বৰ ৯৪.৭৭ টকাৰ পৰা 3 টকা বৃদ্ধি পাইছে ৷ আনহাতে ডিজেলৰ মূল্য ৮৭.৬৭ টকাৰ পৰা ৯০.৬৭ টকালৈ বৃদ্ধি পাইছে । শুকুৰবাৰৰ পৰা কাৰ্যকৰী হয় এই সংশোধিত হাৰ ।

এই বৃদ্ধিয়ে কেইবাখনো চহৰত ইন্ধনৰ মূল্য প্ৰতি লিটাৰত ১০০ টকাৰ ওপৰলৈ গতি কৰিছে । কলকাতাত পেট্ৰ’লৰ মূল্য ৩.২৯ টকা বৃদ্ধিৰ পিছত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ খুচুৰা মূল্য ১০৮.৭৪ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৩.১১ টকা বৃদ্ধি পাই প্ৰতি লিটাৰত ৯৫.১৩ টকা হৈছে ।মুম্বাইত পেট্ৰ’লৰ মূল্য ৩.১৪ টকা বৃদ্ধি পাই ১০৬.৬৮ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৩.১১ টকা বৃদ্ধিৰ পিছত এতিয়া প্ৰতি লিটাৰত ৯৩.১৪ টকা হৈছেগৈ । চেন্নাইতো ১০০ টকা পাৰ কৰিলে পেট্ৰ’লৰ দাসে ৷ প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ২.৮৩ টকা বৃদ্ধি পাই ১০৩.৬৭ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ২.৮৬ টকা বৃদ্ধি পাই প্ৰতি লিটাৰত ৯৫.২৫ টকা হৈছেগৈ ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *