অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ সোমবাৰে নিশা গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাসহ বিজেপিৰ জ্যেষ্ঠ নেতৃত্বই। আজি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া এক ভব্য সমাৰোহত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰীৰ আগমনক অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ক্ষণ বুলি অভিহিত কৰি সামাজিক মাধ্যম এক্সত এক পোষ্ট কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “আদৰণীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীক অসমলৈ স্বাগতম জনাইছোঁ। তেওঁৰ এই ভ্ৰমণে ৰাজ্যখনত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে বিজেপি-এন ডি এ চৰকাৰৰ এক ঐতিহাসিক যাত্ৰাৰ সূচনা কৰিব।” আজিৰ এই অনুষ্ঠানত ড° শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ লগতে বিজেপি, অগপ আৰু বি পি এফৰ চাৰিগৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।
গুৱাহাটীৰ এই ঐতিহাসিক অনুষ্ঠানত অংশ ল’বলৈ ইতিমধ্যে দেশৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, সৰ্বানন্দ সোণোৱাল, শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া আৰু চিৰাগ পাছোৱানৰ লগতে গোৱা, ৰাজস্থান, বিহাৰ, ছত্তীশগড় আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলে নিশাৰ ভাগতে গুৱাহাটীত ভৰি দিয়ে। ইয়াৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলেও আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব।
খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হাজাৰ হাজাৰ লোকৰ উপস্থিতিৰ বাবে চৰকাৰে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। জ্যেষ্ঠ ৰাজনৈতিক নেতা, উদ্যোগপতি আৰু ধৰ্মীয় অনুষ্ঠানৰ সত্ৰাধিকাৰসকলৰ বাবে পৃথক পৃথক মঞ্চ সাজু কৰি তোলা হৈছে। যোৱা মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ১২৬ খন আসনৰ ভিতৰত ৮২ খন আসনত জয়লাভ কৰি বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে মিত্ৰদল অগপ আৰু বি পি এফে ১০ খনকৈ আসন লাভ কৰি চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিছিল।
