সদ্যসমাপ্ত হ’ল ভাৰতৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন ২০২৬ ৷ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে ভাৰতীয় নিৰ্বাচন আয়োগে এক তথ্য সদৰী কৰিছে ৷ দেশৰ নিৰ্বাচন আয়োগ চমুকৈ ইচিআইৰ তথ্যত এক ভয়ংকৰ কথা পোহৰলৈ আহিছে ৷
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য মতে, বিভিন্ন বলৱৎকাৰী সংস্থাই তালাচী চলাই নিৰ্বাচনী ভোটগ্ৰহণৰ দিন ৯ এপ্ৰিলৰ পূৰ্বে অসমৰ বিভিন্ন স্থানৰ পৰা মুঠ ১১৭.২৪ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ একেদৰে ৰাজ্যৰ একাধিক নিৰ্বাচনী প্ৰচাৰ এলেকাৰ পৰা ৮২৮২৪৮.৩৩ লিটাৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল, এই সুৰাৰ বজাৰ মূল্য ২২.৭১ কোটি টকা বুলি জানিব পৰা গৈছে ৷
