সাৱধান দেশবাসী

ইন্ধনৰ ব্য়ৱহাৰ হ্ৰাস কৰাৰ লগতে সোণ ক্ৰয় কমকৈ কৰক ৷’’ পশ্চিমৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে এই আহ্বান জনোৱাৰ পিছতে বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ লোকসভাৰ বিৰোধী দলপতি তথা শীৰ্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীক উভতি ধৰি কঠোৰ সমালোচনা কৰে ৷ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ এনেধৰণৰ মন্তব্যই অৰ্থনৈতিক ক্ষেত্ৰখনৰ পৰিচালনাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিফলন ঘটাইছে বুলি মন্তব্য কৰে ।

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক সামাজিক মাধ্যমতো আক্ৰমণ কৰি কঠোৰ সমালোচনা কৰে ৷ সামাজিক মাধ্য়মত প্ৰকাশিত এটা পোষ্টত ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে দেশবাসীকহে দোষাৰোপ কৰিছে ৷কংগ্ৰেছ নেতা গান্ধীয়ে কয়, ‘‘কালি মোদীজীয়ে দেশবাসীক সম্বোধন কৰি কৈছিল যে তেওঁলোকে সোণ কিনিব নালাগে, বিদেশলৈ যাব নালাগে, কমকৈ ইন্ধন ব্যৱহাৰ কৰিব লাগে, সাৰ আৰু খোৱাতেলৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে, মেট্ৰ’ ব্যৱহাৰ কৰিব লাগে আৰু ঘৰৰ পৰাই কাম কৰিব লাগে । এইবোৰ কোনো ধৰণৰ উপদেশ নহয়, এয়া ব্যৰ্থতাৰ প্ৰমাণহে ।’’

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *