আইপিএলৰ প্লে অফৰ দৌৰৰ পৰা বাহিৰ দিল্লী কেপিটেলছৰ

আই পি এল ২০২৬ত দিল্লী কেপিটেলছ (ডি চি) দলে নিজৰ নিৰাশাজনক দৌৰ অব্যাহত ৰাখিছে।শুকুৰবাৰে নিজৰ ঘৰুৱা খেলপথাৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত ৮ উইকেটত পৰাস্ত হয়। ছিজনৰ ১১ সংখ্যক মেচত দিল্লী কেপিটেলছৰ এয়া আছিল সপ্তমটো পৰাজয়। এই পৰাজয়ৰ লগে লগে দলটোৰ প্লে অফলৈ যোৱাৰ আশা প্ৰায় শেষ হৈ গৈছে। আনকি পৰৱৰ্তী ছিজনৰ কথাও ক’বলৈ আৰম্ভ কৰিছে অধিনায়ক অক্ষৰ পেটেলে। খেলৰ অন্তত অক্ষৰ পেটেলে কয়-দলটোৱে আশা কৰা ধৰণে ৰান কৰিব নোৱাৰিলে, আৰু স্পিন বলাৰসকলে কেইবাটাও ভুল কৰিলে।

পিটচৰ আচৰণৰ প্ৰতি লক্ষ্য ৰাখি স্পিনাৰসকলে অধিক সঠিকভাৱে বলিং কৰিব লাগিছিল। অৱশ্যে মেচখনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্টটো আছিল দলটোৱে দুটা বা তিনিটা অভাৰত পাঁচটা উইকেট হেৰুৱাই পেলোৱাটো। তাৰ পৰাই দলটোৰ গতিশীলতা সম্পূৰ্ণৰূপে হেৰুৱাই পেলায়। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে দলটোৰ সৈতেও একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও দলটোৱে ভাল আৰম্ভণি কৰিছিল যদিও ধাৰাবাহিকভাৱে উইকেট হেৰুৱাই দলটোক হেঁচা প্ৰয়োগ কৰিছিল। তেওঁ কয় যে এই সমস্যাৰ সমাধান কৌশলতকৈ মানসিকতাৰ পৰিৱৰ্তনতহে বেছি নিহিত হৈ আছে।

অক্ষৰে লগতে কয়-অধিক প্ৰস্তুতিৰ পূৰ্বে দলটোৱে নিজৰ ভুল বিশ্লেষণ কৰিব। যাত্ৰা এতিয়াও দীঘলীয়া, আৰু আমি পৰৱৰ্তী ছিজনৰ বাবেও পৰিকল্পনা কৰিব লাগিব। দল পৰিচালনাই বহি থকা খেলুৱৈসকলৰ মূল্যায়নো কৰিব আৰু প্ৰয়োজন হ’লে নতুন খেলুৱৈক সুযোগ দিয়াৰ কথা চিন্তা কৰিব আৰু কৌশল সলনি কৰাৰ কথাও বিবেচনা কৰিব। এই ছিজনত ঘৰুৱা খেলপথাৰত ডিচিৰ এইটোৱেই আছিল পঞ্চমটো পৰাজয়। প্ৰথমে বেটিং কৰি ডিচিয়ে মাত্ৰ ১৪২ ৰানহে কৰিব পাৰিছিল। ফিন এলেনৰ ৪৭ বলত ১০০ ৰানৰ সহায়ত কেকেআৰে ১৪.২ অভাৰত ২ উইকেট হেৰুৱাই ১৪৭ ৰান সংগ্ৰহ কৰি ৮ উইকেটত জয়লাভ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *