টিচিএছৰ নাছিক গোটত যৌন নিৰ্যাতনৰ অভিযোগ! ২৫ দিনৰ পাছত গ্ৰেপ্তাৰ নিদা খান

বিগত ২৫ দিন ধৰি অব্যাহত থকা নাটকীয় অন্তৰ্ধানৰ অন্তত অৱশেষত আৰক্ষীৰ জালত পৰিল নাছিকৰ টি চি এছ কাণ্ডৰ অন্যতম অভিযুক্ত নিদা খান। বৃহস্পতিবাৰে নিশা ছত্ৰপতি সম্ভাজী নগৰৰ এটা আৱাসৰ পৰা নিলম্বিত কৰ্মীগৰাকীক আটক কৰে আৰক্ষীৰ এক বিশেষ দলে। যৌন নিৰ্যাতন আৰু ধৰ্মান্তৰকৰণৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত নিদাক শুকুৰবাৰে পুৱা নাছিকলৈ অনা হয়।

নাছিকৰ বি পি অ’ গোটত টেলি-কালাৰ হিচাপে কৰ্মৰত নিদা খানৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত সনা আৰু ধৰ্মান্তৰকৰণৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। একেটা প্ৰতিষ্ঠানৰে যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক এজাহাৰ দাখিলৰ পৰা বিৰত ৰখাৰ লগতে মূল অভিযুক্তক সহায় কৰাৰ অভিযোগত যোৱা ২৬ মাৰ্চত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। এই ঘটনাৰ আন দুই অভিযুক্ত দানিশ শ্বেখ আৰু তৌচিফ আতাৰক আৰক্ষীয়ে পূৰ্বেই গ্ৰেপ্তাৰ কৰিছে।

নাছিকৰ আদালতত যোৱা ১৭ এপ্ৰিলত নিদাই আগতীয়া জামিনৰ আবেদন জনাইছিল যদিও ২ মে’ত সেই আবেদন খাৰিজ কৰে আদালতে। ইয়াৰ পাছতে নাছিক আৰক্ষীৰ এছ আই টিয়ে অভিযান অধিক তীব্ৰতৰ কৰি তোলে। ২০২২ চনত টি চি এছত যোগদান কৰা নিদাই পৰৱৰ্তী সময়ত মুম্বাইলৈ বদলি হৈ গৈছিল যদিও নাছিক কাণ্ডৰ মূল ষড়যন্ত্ৰ আৰু ভুক্তভোগীক ভয়-ভাবুকি দিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল অতি সক্ৰিয়।

ছত্ৰপতি সম্ভাজী নগৰৰ কাইজাৰ কলনীৰ এটা ফ্লেটত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে নিদাক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত অভিযুক্তগৰাকীক বৰ্তমান অধিক জেৰাৰ বাবে নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে। এই গ্ৰেপ্তাৰে নাছিকৰ বিতৰ্কিত কাণ্ডটোৰ তদন্তত নতুন গতি প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *