দেশৰ উন্নয়নৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ নীতি আৰু অভিন্ন দেৱানী বিধিৰ কাৰ্যকৰীকৰণত প্ৰয়োজন হ’ব জনসাধাৰণৰ সহযোগিতা। বৃহস্পতিবাৰে মহীশূৰত অনুষ্ঠিত এক বক্তৃতানুষ্ঠানত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে। তেওঁ কয় যে সমাজৰ পৰা জাতিভেদ প্ৰথা সম্পূৰ্ণৰূপে আঁতৰি নোযোৱা পৰ্যন্ত ৰাজনীতিবিদসকলে ইয়াৰ সুযোগ লৈয়েই থাকিব। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকীয়ে সামাজিক জীৱনত কেৱল শ্লোগানৰ পৰিৱৰ্তে আচৰণৰ জৰিয়তে সমতা প্ৰতিষ্ঠা কৰিবলৈ সকলোকে আহ্বান জনায়।
জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক আৰু ইউ চি চি সন্দৰ্ভত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত ভাগৱতে স্পষ্ট কৰি দিয়ে যে আৰ এছ এছ কোনো চৰকাৰী প্ৰতিষ্ঠান নহয়। যিকোনো চৰকাৰী নীতি সফল কৰিবলৈ হ’লে প্ৰথমে জনসাধাৰণক শিক্ষিত কৰাটো জৰুৰী বুলি তেওঁ উল্লেখ কৰে। ৰাজনীতিবিদসকলে ভোটৰ স্বাৰ্থত জাতিৰ সহায় লোৱা প্ৰসংগত তেওঁ কয়, “যেতিয়া সমাজত জাতিৰ গুৰুত্ব থাকে, তেতিয়াহে ৰাজনীতিবিদসকলে ইয়াৰ সুযোগ লয়। যদি সমাজত জাতিৰ পৰিচয় নোহোৱা হয়, তেন্তে তেওঁলোকেও কেৱল কামৰ ভিত্তিতহে ভোট বিচাৰিবলৈ বাধ্য হ’ব।”
জৰুৰীকালীন অৱস্থাৰ সময়ত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা কঠোৰ পদক্ষেপসমূহৰ কথা উল্লেখ কৰি ভাগৱতে কয় যে বলপূৰ্বকভাৱে কোনো নীতি জাপি দিলে ইয়াৰ প্ৰতিক্ৰিয়া বিৰূপ হয়। সমাজত শান্তি আৰু সামঞ্জস্য বজাই ৰাখিহে এনে গুৰুত্বপূৰ্ণ বিষয়সমূহ আগুৱাই নিব লাগে বুলি তেওঁ মত পোষণ কৰে। ৰাষ্ট্ৰীয় উন্নয়নৰ অনুঘটক হিচাপে সামাজিক সমন্বয়ৰ ওপৰত আলোকপাত কৰা এই অনুষ্ঠানটোৱে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।
