পশ্চিম বংগত হাই এলাৰ্ট জাৰি

পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ৪৮ ঘণ্টাৰ ভিতৰতে নিৰ্বাচনোত্তৰ হিংসাত্মই ব্যাপক ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ বুধবাৰে নিশা কলকাতাৰ উত্তৰ প্ৰান্তত অচিনাক্ত আক্ৰমণকাৰীয়ে বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা কৰে ৷ এই হত্যাকাণ্ডৰ ফলত তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে অঞ্চলটোত উত্তেজনা বৃদ্ধি পায় ।

উত্তৰ ২৪ পৰগনা জিলাৰ মধ্যমগ্ৰামৰ দোলতালা অঞ্চলৰ দোহৰিয়াত বিজেপি নেতা তথা বিধায়ক শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰথক মটৰ চাইকেলেৰে অহা আক্ৰমণকাৰীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে ।এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে । পশ্চিম বংগত বিজেপিয়ে ঐতিহাসিক বিজয় নিশ্চিত কৰাৰ পাছতে মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে শুভেন্দু অধিকাৰী । ২০২১ চনৰ নন্দীগ্ৰামৰ কাহিনীৰ পুনৰাবৃত্তি কৰি শুভেন্দু অধিকাৰীয়ে ভৱানীপুৰত বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পৰাস্ত কৰিছিল ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *