তামিলনাডুত সৰ্বাধিক আসন লাভ কৰিও চৰকাৰ গঠন কৰিব পৰা টিভিকে

তামিলনাডুৰ সৰ্বাধিক আসন লাভ কৰা টিভিকে চৰকাৰ গঠনৰ বাবে কঠিন সমস্যাৰ সন্মুখীন হৈছে। ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰৰ সৈতে সাক্ষাৎ কৰিবলৈ বৃহস্পতিবাৰে একেৰাহে দ্বিতীয় দিনৰ বাবে লোকভৱনত উপস্থিত হয় পাৰ্টিৰ মুৰব্বী তথা অভিনেতা বিজয় বিজয়। প্ৰায় এঘণ্টামান পিছত তেওঁ উভতি আহে। সূত্ৰসমূহে এতিয়া প্ৰকাশ কৰিছে যে ৰাজ্যপালৰ ওচৰত ১১৮জন বিধায়কৰ সমৰ্থন প্ৰদৰ্শন কৰিলেহে বিজয়ে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব পাৰিব।

ৰাজ্যপালগৰাকীয়ে ৰাজ্যত সুস্থিৰ চৰকাৰ বিচাৰে বুলি কৈছে। গতিকে চৰকাৰ গঠনৰ দাবী কৰাৰ আগতে ১১৮ জন বিধায়ক থকাটো প্ৰয়োজনীয়। বুধবাৰে বিজয়ে ১১৩ গৰাকী বিধায়কৰ সমৰ্থন পত্ৰ ৰাজ্যপাল আৰ্লেকাৰক দাখিল কৰে। ৰাজ্যপালগৰাকীয়ে ১১৮ গৰাকী বিধায়কৰ পৰা সমৰ্থন পত্ৰ দাবী কৰিছিল। বিজয়ে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আৰু সময় বিচাৰিছিল। ২৩৪ জনীয়া বিধানসভাত টিভিকেৰ আছে ১০৮খন আসন।

বিজয়ে দুখন আসন লাভ কৰিছিল, গতিকে এখন আসন হেৰুৱালে সংখ্যা ১০৭ লৈ হ্ৰাস পাব।মুঠ ২৩৩ খন আসন থাকিলেও সংখ্যাগৰিষ্ঠতা ১১৮ খনত থাকিব, গতিকে টিভিকে আৰু ১১ জন বিধায়কৰ প্ৰয়োজন। কংগ্ৰেছৰ ৫ গৰাকী বিধায়কে তেওঁক সমৰ্থন আগবঢ়াইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *